NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত হৈ মৃত্যু ভাৰতীয় সেনাৰ ব্ৰিগ্ৰেডিয়াৰ বিকাশ শ্যামলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 5:07 pm
coronavirus-death-1-700x375

কৰ’না ভাইৰাছে সংহাৰৰ সৃস্টি কৰা ভাৰতবৰ্ষত এতিয়ালৈকে ৬ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে।

শেহতীয়াকৈ কৰ’না ভাইৰাছে প্ৰাণ কাঢ়ি নিলে ভাৰতীয় সেনাৰ এগৰাকী শীৰ্ষ বিষয়াৰ।

কলকাতাস্থিত সেনাৰ ইস্টাৰ্ণ কামান্ডৰ ব্ৰিগ্ৰেডিয়াৰ বিকাশ শ্যামলৰ বৃহস্পতিবাৰে পুৱা কলকাতাৰ এখন চিকিৎসালয়ত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই কন্যাক এৰি থৈ গৈছে।

কিছুদিন পূৰ্বে সেনা বিষয়াগৰাকীৰ পৰিয়ালৰ আন সদস্য কেইগৰাকীও কোভিডত আক্ৰান্ত হৈছিল। অৱশ্যে তেওঁলোক বৰ্তমান সুস্থ হৈ উঠিছে।

বিগত কিছুদিন ধৰি কলকাতাৰ বাৰাকপুৰৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সেনা বিষয়া গৰাকীৰ স্বাস্থ্যৰ বৃহস্পতিবাৰে পুৱা অধিক অৱনতি ঘটে আৰু তেওঁ মৃত্যুক সাৱটি লয়।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্যামলক বাৰাকপুৰ চিকিৎসালয়ৰ পৰা কমান্ড চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁক বচাব পৰা নগ’ল।

উল্লেখ্য, শেহতীয়াকৈ বি এছ এফৰো ১০১৮ গৰাকী বিষয়া-জোৱান কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে ৪ জন জোৱানৰ ইতিমধ্যে মৃত্যু ঘটিছে।