NORTHEAST NOW (Assamese)

চীনা সৈন্যক প্রতিহত কৰিবলৈ ভাৰতীয় সেনাৰ হাতত অত্যাধুনিক এছাল্ট ৰাইফল

February 12, 2022 2:48 pm · এন ই নাও নিউজ,গুৱাহাটী

লাডাখ প্ৰসংগকলৈ ভাৰত আৰু চীনৰ মাজত চলি আছে সংঘাত। এনে সংঘাতৰ মাজতে চীন-ভাৰত সীমান্তৰ স্পৰ্শকাতৰ ছিকিমত মোতায়েন কৰা ভাৰতীয় সেনাৰ হাতত তুলি দিয়া হৈছে অত্যাধুনিক এছাল্ট ৰাইফল।

ভাৰতীয় সেনাৰ এক শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে চীন-ভাৰত সীমান্তৰ উত্তৰ ছিকিম সীমান্তত থকা সেনাক শেহতীয়াকৈ চৰকাৰে এছাল্ট ৰাইফল প্ৰদান কৰা হৈছে।

এনে অত্যাধুনিক ৰাইফলেৰে ভাৰতীয় সেনাই চীনৰ সেনাৰ সাম্ভাৱ্য আক্ৰমণ সহজে প্ৰতিহত কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য ভাৰতীয় সেনাক যোৱা কিছুবছৰত কেইবাবিধো অত্যাধুনিক অস্ত্ৰৰ লগতে আধুনিক সঁজুলি প্ৰদান কৰা হৈছে।

উত্তৰ ছিকিমৰ মুগুথাং অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পৰা ১৫,৫০০ ফুটতকৈও অধিক উচ্চতাত ভাৰতীয় সেনাই চীনৰ সেনাৰ বিৰুদ্ধে অতন্দ্ৰ পহৰা দি আহিছে।

Related News