NORTHEAST NOW (Assamese)

গুলীলৈ নাই ভয়, কিন্তু বেজী ল’বলৈ গৈ কি কাণ্ড কৰিলে এই জন জোৱানে! ভিডিঅ’ চাই হাঁহি ৰখাব নোৱাৰিব আপুনিও

March 21, 2021 4:55 pm · এন ই নাও নিউজ
Updated: March 24, 2021 9:04 pm

গুলী-বাৰুদলৈ মুঠেও কেৰেপ নকৰে  সেনাৰ  এই জন জোৱানে।

দিনে-নিশাই দেশৰ সুৰক্ষাৰ বাবে নিজৰ কৰ্বত্য পালন কৰি গৈছে তেওঁ।

কোনো মুহূৰ্তত শত্ৰুৰ গুলীয়ে বুকু ভেদি যায় তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সেই কথালৈ মুঠেও ভয় নাই জোৱান জনৰ।

গুলীলৈ ভয় নকৰা  সেনাৰ জোৱান জনে পিছে বেজী ল’বলৈ বৰকৈ ভয়  কৰে।

বেজীৰ নাম শুনিলেই ভয়তে পেটত হাত-ভৰি লুকায় তেওঁৰ।

ভাৰত চৰকাৰেও কোভিড যোদ্ধাসকলৰ লগতে সেনা জোৱানসকলকো কোভিডৰ ভেকচিন প্ৰদানৰ কাম চলাই গৈছে।

দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিৰক্ষা বাহিনীৰ বহু জোৱানক ইতিমধ্যে কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। শেহতীয়াকৈ কোভিডৰ ভেকচিন ল’বলৈ গৈছিল বেজী ল’বলৈ ভয় কৰা সেই জন জোৱানে।

 

View this post on Instagram

 

A post shared by The Darjeeling Chronicle (@thedarjchron)

সতীৰ্থসকলে জোৰ কৰি ধৰি বান্ধি জোৱান জনক কোভিডৰ ভেকচিন ল’বলৈ লৈ আহিল।কিন্তু ভয়তে তৎ হেৰোৱা জোৱান জনে মাথো চিঞৰি গ’ল— গুলীলৈ ভয় নকৰো, বেজীলৈ পিছে বৰ ভয় লাগে।

বহু সময় ধৰি সতীৰ্থই টনা আজোৰা কৰাৰ পিছত যেনিবা  সেনাৰ সেই বেজী ল’বলৈ ভয় কৰা জোৱান জনক কোভিডৰ ভেকচিন দিব পৰা গ’ল।

জোৱান জনে ভেকচিন লোৱাৰ সময়ত কৰা আচৰণৰ ভিডিঅ”টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ভিডিঅ’টো চাই নেটিজেনসকলে হাঁহিত ফাটি পৰিছে।

জোৱান জন ক’ত কৰ্মৰত সেয়া জানিব পৰা হোৱা নাই । দ্য দাৰ্জিলিং ক্ৰনিকলৰ পেজতো ভিডিঅ’টো আপলোড কৰা হৈছে।

জোৱান জনৰ কৰ্মকাণ্ড দেখি বহু নেটিজেনে লিখিছে— যিকি নহওঁক, পৰাজয়ৰ পিছতহে আহে জয়…।

জোৱান জনেও অৱশেষত বেজীৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হোৱা বাবে বহুতে তেওঁক ছ’চিয়েল মিডিয়াত শুভেচ্ছাও জনাইছে।

Related News