NORTHEAST NOW (Assamese)

কেপ্তেইনক ‘চুমা’ খাই বৰ্খাস্ত ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল

December 25, 2018 7:36 pm · এন ই নাও নিউজ
Updated: December 25, 2018 8:10 pm
প্ৰতীকী ছবি।

এগৰাকী মহিলা কেপ্তেইনক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত এম এছ জচৱাল নামৰ ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল এজনক বৰ্খাস্তকৰণৰ নিৰ্দেশ দিছে জেনেৰেল ক’ৰ্ট মাৰ্শ্বালে।

বৰ্তমান ভাৰতীয় সেনা প্ৰধানৰ অনুমোদনৰ অপেক্ষাত আছে জেনেৰেল ক’ৰ্ট মাৰ্শ্বালে দেওবাৰে কৰা এই ৰায়দান, নিউজ এ’জেন্সিৰ বাতৰিত প্ৰকাশ।

সেনা আদালতৰ কাৰ্য্যবিৱৰণী অনুসৰি ২০১৬ চনৰ ১৯ অক্তোবৰত অভিযোগকাৰী মহিলা বিষয়াগৰাকীক নিজৰ আৱাসলৈ বিভাগীয় কামত মাতিছিল অসম ৰাইফলছৰ তদানীন্তন ইন্সপেক্তৰ জেনেৰেলজনে। “বিভাগীয় কাম শেষ হোৱাৰ পিছত, অভিযোগ মতে, তেওঁ কেপ্তেইনগৰাকীক বিদায় চুম্বন খুজিছিল আৰু তেওঁৰ গাল আৰু ওঁঠত চুমা দিবলৈ বল প্ৰয়োগ কৰিছিল,” আদালতৰ বিৱৰণীত প্ৰকাশ।

অভিযোগ মতে মহিলা বিষয়াগৰাকীক উক্ত ঘটনাৰ পিছতো সঘনে ফ’ন আৰু মেছেজযোগে হাৰাশাস্তি কৰিছিল জচৱালে।

নাগালেণ্ডৰ ক’হিমাত আছাম ৰাইফলছৰ ইন্সপেক্তৰ জেনেৰেলৰূপে কৰ্মৰত হৈ থকা অৱস্থাত ২০১৬ চনত বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল কনিষ্ঠ মহিলা কেপ্তেইনগৰাকীয়ে।

অভিযোগ অস্বীকাৰ কৰি মে’জৰ জেনেৰেলজনে কয় যে তেওঁ সেনাৰ শীৰ্ষ মহলৰ খামখেয়ালিৰ বলি হৈছে আৰু ক’ৰ্ট মাৰ্শ্বালৰ নিৰ্দেশৰ বিৰুদ্ধে আবেদন জনোৱাৰ অধিকাৰ তেওঁৰ আছে।

সেনাৰ ৱে’স্তাৰ্ন কমান্দৰ অধীনত এগৰাকী লেফতেনেন্ত জেনেৰেলৰ অধ্যক্ষতাত হাৰিয়ানাৰ আম্বালাত অনুষ্ঠিত ক’ৰ্ট মাৰ্শ্বালৰ সদস্যৰূপে আছিল ৬গৰাকী মে’জৰ জেনেৰেল।

সেনা আইনৰ ৬৯ ধাৰাত জচৱালক অভিযুক্ত কৰা হৈছিল। যোৱা জুনৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।

Related News