NORTHEAST NOW (Assamese)

বোকাখাতৰ ধনশিৰিমুখত ভাৰতীয় সেনা বাহিনীৰ বান সাহায্য শিৱিৰ

July 25, 2019 3:13 pm · উত্তম শইকীয়া
বোকাখাতত ভাৰতীয় সেনাবাহিনীৰ বান সাহায্য শিৱিৰ

শিৱসাগৰৰ মাইবেলাত থকা ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আজি বোকাখাত মহকুমাৰ বানবিধস্ত ধনশিৰিমুখ এলেকাত বানাক্ৰান্ত জনসাধাৰণৰ বাবে এটা বান সাহায্য শিৱিৰ আয়োজন কৰা হয়।

ভাৰতীয় সেনা বাহিনীৰ ডি এ অ’  ডিভিজনৰ মাইবেলা শিৱিৰৰ উদ্যোগত আয়োজিত বান সাহায্য শিৱিৰত সেনা বাহিনীৰ চিকিৎসকে বানাক্ৰান্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ দিয়াৰ লগতে বানাক্ৰান্ত লোকৰ মাজত খাদ্য সামগ্ৰী, আঠুৱা আৰু কাপোৰ বিতৰণ কৰা হয়।

তাৰোপৰি, বান বিধস্ত অঞ্চলটোত ৰোগ প্ৰতিৰোধৰ বাবে কীটনাশক চটিওৱা হয়। ধনশিৰিমুখ জনজাতি মাধ্যমিক বিদ্যালয় প্ৰাংগনত মাইবেলাস্থিত ভাৰতীয় সেনাৰ এই বান সাহায্য শিৱিৰৰ পৰা বোকাখাত মহকুমাৰ ধনশিৰিমুখৰ বানআক্ৰান্ত জনসাধাৰণ যথেষ্ট উপকৃত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, অসমত চলিত বৰ্ষত হোৱা ভয়াবহ বানপানীৰ ফলত ৩০ খন জিলাৰ প্ৰায় ৩৫ লাখতকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

ভাৰতীয় সেনাবাহিনীয়েও জিলা প্ৰশাসনৰ আহ্বান আনুসৰি ৰাজ্যৰ বানআক্ৰান্ত জনসাধাৰণক উদ্ধাৰ অভিযানত সহায় কৰি আহিছে।

Related News