NORTHEAST NOW (Assamese)

এআই টাস্ক ফ’ৰ্চ আৰু লেব নিৰ্মান ভাৰতীয় সেনাৰ! ২০২৬-২৭ৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰিব

July 21, 2025 7:28 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সেনাই সামৰিক ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই) ভিত্তিক প্ৰযুক্তিৰ ব্যৱহাৰ ত্বৰান্বিত কৰাৰ পৰিকল্পনা হাতত লৈছে। ২০২৬-২৭ চনৰ ভিতৰত এই প্ৰযুক্তিৰ ব্যৱহাৰ বিভিন্ন সামৰিক ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা কথা সদৰী কৰিছে। এই উদ্দেশ্যত এটা বিশেষ ‘এআই টাস্ক ফ’ৰ্চ’ গঠনৰ লগতে ‘এআই লেব’ স্থাপনৰ কামো আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে

‘অপাৰেচন সিন্দূৰ’ৰ পিছত ভাৰতীয় সেনাই এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, সেনাই যুদ্ধক্ষেত্ৰৰ তথ্য সংগ্ৰহ, চোৱাচিতা, আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এআইৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিছে। এই প্ৰযুক্তিয়ে কম সময়ৰ ভিতৰত বিপুল পৰিমাণৰ তথ্য বিশ্লেষণ কৰি সঠিক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব।

উল্লেখ্য যে এআইৰ ব্যৱহাৰৰ জৰিয়তে ড্ৰ’ন স্বাৰ্মিং, স্মাৰ্ট ৱাৰ ৰুম, আৰু ৰিয়েল-টাইম যুদ্ধ নিৰীক্ষণৰ দৰে উন্নত কাৰ্যকলাপৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও, চেটবট, ভইচ-টু-টেক্সট চিষ্টেম, মুখ চিনাক্তকৰণ প্ৰযুক্তি, আৰু সম্ভাৱ্য আক্ৰমণ বা অস্বাভাৱিক কাৰ্যকলাপৰ আগতীয়া চিনাক্তকৰণৰ বাবে এআইৰ ব্যৱহাৰৰ কথাও বিবেচনা কৰা হৈছে। এই প্ৰযুক্তিৰ জৰিয়তে সামৰিক সঁজুলিৰ নিৰীক্ষণ, যোগান শৃংখলৰ ব্যৱস্থাপনা, আৰু ছ’চিয়েল মিডিয়াৰ তথ্য বিশ্লেষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ পৰিকল্পনা আছে।

ভাৰতীয় সেনাৰ তথ্য ব্যৱস্থাৰ মহানিৰ্দেশনা (DGIS)ৰ অধীনত এটা ‘এআই টাস্ক ফ’ৰ্চ’ গঠন কৰা হৈছে, য’ত এআই বিশেষজ্ঞৰ লগতে অন্যান্য সঞ্চালকালয়ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত হ’ব। এই টাস্ক ফ’ৰ্চৰ মূল দায়িত্ব হ’ব এআই ভিত্তিক প্ৰযুক্তিৰ ৰূপায়ণ, প্ৰশিক্ষণ, দক্ষতা বিকাশ, আৰু গৱেষণাৰ অগ্ৰগতি নিৰীক্ষণ কৰা। ইয়াৰ লগতে, DGIS-ত এটা ‘এআই লেব’ স্থাপন কৰা হৈছে, য’ত নতুন এআই মডেলৰ পৰীক্ষণ আৰু উন্নয়ন কৰা হ’ব।

প্ৰতিবেদন অনুসৰি, ২০২৬-২৭ চনৰ ভিতৰত এআই প্ৰযুক্তিৰ ব্যৱহাৰ সামৰিক কাৰ্যকলাপত সম্পূৰ্ণৰূপে সংযোজন কৰাৰ লক্ষ্যৰে কাম চলি আছে। এই পদক্ষেপে ভাৰতীয় সেনাৰ চোৱাচিতা, তথ্য সংগ্ৰহ, আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই উদ্যোগে ভাৰতীয় সেনাক বিশ্বৰ অন্যতম উন্নত সামৰিক বাহিনী হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।

Related News