NORTHEAST NOW (Assamese)

চকাত গুলি লাগিলেও ১০০ কিলোমিটাৰ চলি যাব গাড়ী, লগতে আছে ‘ভাবা কবচ’

September 14, 2020 7:20 am · এন ই নাও নিউজ
Updated: September 14, 2020 10:14 am

ভাৰতীয় সেনা তথা আন প্ৰতিৰক্ষা বাহিনী সমূহলৈ নিত্য নতুন প্ৰত্যাহ্বান আহিছে।

এপিনে সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু আন পিনে বহিঃৰাষ্ট্ৰ আক্ৰমণৰ আশংকা।

এনে পৰিস্থিতিত সেনাক সকলো বিপদৰ পৰা ৰক্ষা কৰিবলৈ এতিয়া সেনাৰ হাতত তুলি দিয়া হৈছে ‘ভাবা কবচ’।

এই ‘ভাবা কবচে’ শত্ৰু পক্ষই নিক্ষেপ কৰা AK-47 ৰ গুলীও ৰুধিব পাৰিব।

ভাবা এটোমিক ৰিছাৰ্চ চেণ্টাৰে উদ্ভাৱন কৰা বিশেষ প্ৰযুক্তিৰ আলমত এই বিশেষ ৰক্ষা কবচ সাজি উলিয়াইছে হায়দৰাবাদৰ মিশ্ৰ ধাতু নিগম লিমিটেড,চমুকৈ মিধানিয়ে।

মিধানিৰ সঞ্চালক প্ৰধান সঞ্জয় কুমাৰ ঝাই প্ৰকাশ কৰা মতে তেওঁলোকৰ প্ৰতিষ্ঠানে ভাবা এটোমিক ৰিছাৰ্চ চেণ্টাৰৰ প্ৰযুক্তিৰ ভিত্তিত প্ৰস্তুত কৰা বিশেষ বুলেট প্ৰুফ জেকেট বিধ পূৰ্বৰ সকলো বুলেট প্ৰুফ জেকেটতকৈ যথেষ্ট উন্নত মানৰ আৰু ই সেনাক অতি ভয়ংকৰ আক্ৰমণৰ সময়তো গুলীৰ পৰা ৰক্ষা কৰিব।

সেনাৰ বাবে মিধানিয়ে কেৱল এনে জেকেটেই প্ৰস্তুত কৰা নাই, ইয়াৰোপৰি প্ৰতিষ্ঠানটোৱে সেনাৰ বাবে নিৰ্মাণ কৰিছে বিশেষ বুলেট প্ৰুফ বাহনো।

বিশেষ ধাতুৰে সাজি উলিওৱা এনে বাহৰ চকাত গুলী লাগিলেও কমেও ১০০ কিলোমিটাৰ পথ সুন্দৰ ভাবে গাড়ীখন চলাই নিব পৰা যাব।

লাডাখ সীমান্তত কৰ্মৰত সেনাৰ বাবে প্ৰতিষ্ঠানটোৱে বিশেষ বুট জোতা আৰু তম্বুও নিৰ্মাণ কৰিছে।

Related News