NORTHEAST NOW (Assamese)

ভাৰতীয় বক্সাৰসকলে ১০ জুনৰ পৰা অলিম্পিকৰ বাবে আৰম্ভ কৰিব অনুশীলন

May 24, 2020 9:54 am · এন ই নাও নিউজ
Updated: May 24, 2020 9:58 am
ফটো উৎস : টুইটাৰ

টকিঅ’ অলিম্পিকত অংশগ্ৰহৰণৰ বাবে নিৰ্বাচিত হোৱা ভাৰতীয় বক্সাৰসকলে অহা ১০ জুনৰ পৰা অনুশীলন আৰম্ভ কৰিব।

পাটিয়ালাত থকা National Institute of Sportsত পুৰুষ আৰু মহিলা মুষ্টিযোদ্ধা সকলে অনুশীলন চলাব।

বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক আৰ কে শচেটি, উপ সভাপতি ৰাজেশ ভাণ্ডাৰি আৰু কেইগৰাকীমান শীৰ্ষ পৰ্যায়ৰ বিষয়া তখা প্ৰশিক্ষক আৰু অলিম্পিকলৈ যাব লগীয়া বক্সাৰৰ মাজত অনুষ্ঠিত এক ভিডিঅ’ কনফাৰেন্সিঙত এই সিদ্ধান্ত লোৱা হয়।

ভিডিঅ’ কনফাৰেন্সিঙত ভাগ লোৱা বক্সাৰসকলক হৈছে অমিত পাংঘাল (৫২ কিঃগ্ৰাঃ), সটিশ কুমাৰ (+৯১ কিঃগ্ৰাঃ), এম চি মেৰীকম (৫১ কিঃগ্ৰাঃ), সিমৰঞ্জিত কৌৰ (৬০ কিঃগ্ৰাঃ), লাভলিনা বৰগোঁহাই (৬৯ কিঃগ্ৰাঃ) আৰু পুজা ৰাণী (৭৫ কিঃগ্ৰাঃ)।

অৱশ্যে টকিঅ’ অলিম্পিকত স্থান পোৱা আন তিনি গৰাকী বক্সাৰ ক্ৰমে মনিষ কৌশিক (৬৩ কিঃগ্ৰাঃ), বিকাশ কৃষণ (৬৯ কিঃগ্ৰাঃ) আৰু আষিশ কুমাৰে (৭৫ কিঃগ্ৰাঃ) উক্ত ভিডিঅ’ কনফাৰেন্সিঙত অংশ ল’ব নোৱাৰিলে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰ্যালয়ে মে’ৰ শেষ সপ্তাহত স্পৰ্টছ কমপ্লেক্স আৰু ষ্টেডিয়াম আদি খোলাৰ বাবে সেউজ সংকেট দিছিল যদিও বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই ইয়াক আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা নাছিল।

Related News