NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ সফল টেষ্ট অধিনায়ক হোৱাৰ পাছতে বেটিঙত শীৰ্ষস্থান হেৰুৱালে বিৰাট কোহলীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2019 4:29 pm
Virat Kohli

ভাৰতৰ আটাইতকৈ সফল টেষ্ট অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ নামত থকা অভিলেখ ভংগ কৰি বিৰাট কোহলীয়ে ভাৰত সফল টেষ্ট অধিনায়কৰ আসন দখল কৰাৰ পাছত আই চি চিৰ শেহতীয়া টেষ্ট বেটছমেনৰ ৰেংকিঙত হেৰুৱাইছে শীৰ্ষস্থান।

আই চি চিয়ে ঘোষণা কৰা নতুন ৰেংকিং অনুসৰি অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথে বিৰাট কোহলীক অতিক্ৰম কৰি টেষ্ট ৰেংকিঙৰ প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

চলিত এছেজ শৃংখলাত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বলতে স্মিথে শীৰ্ষস্থান দখল কৰে। আনহাতে, সদ্যসমাপ্ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বিৰাট কোহলীয়ে ভাল প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল।

আনহাতে, টেষ্ট বলাৰৰ তালিকাত ভাৰতৰ ভয়াবহ বেগী বলাৰ জাচপ্ৰীত বুমৰাহে কেৰিয়াৰৰ সৰ্বোচ্চ তৃতীয় স্থানত উপনীত হৈছে।

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিনছ আৰু দক্ষিণ আফ্ৰিকাৰ কাগিছে ৰাবাডাই ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাত হেট্ৰিক সহ চমৎকাৰ বলিঙৰ বাবেই বুমৰাহৰ টেষ্ট ৰেংকিঙত উত্তোৰণ ঘটিছে।