NORTHEAST NOW (Assamese)

ফুটবল, চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ এতিয়া আৰু ভিজাৰ প্ৰয়োজন নাই

October 25, 2019 5:26 pm · এন ই নাও নিউজ
ব্ৰাজিলৰ পতাকা। সৌজন্য-- উইকিপিদিয়া।

ফুটবল আৰু চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ ভাৰতীয় নাগৰিকক এতিয়া ভিজাৰ প্ৰয়োজন নাই।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জে’ৰ বলচ’নাৰ’ৱে বৃহস্পতিবাৰে কৈছে যে দক্ষিণ এমেৰিকান দেশখনে ভাৰতীয়ৰ লগতে চীনাসকলৰ বাবে ভিজাৰ প্ৰয়োজনীয়তা বাতিল কৰিছে।

চলিত চীন ভ্ৰমণত অতি-সোঁপন্থী ৰাজনীতিকজনে এই ঘোষণা কৰিছে।

ব্ৰাজিল চৰকাৰে এই বছৰৰ পহিলা ভাগৰে পৰা কেইখনমান দেশৰ নাগৰিকৰ আগমনত ভিজাৰ প্ৰয়োজনীয়তা বাতিল কৰিছিল।

প্ৰথম পৰ্য্যায়ত ইউনাইটেদ ষ্টে’টছ, কেনাদা, জাপান আৰু অষ্ট্ৰেলিয়াৰ নাগৰিকৰ বাবে ভিজা উঠাই দিয়া হৈছিল।

ৰাষ্ট্ৰপতিজনৰ এই সিদ্ধান্তৰ পিছতে উক্ত দেশসমূহেও তেওঁলোকৰ তালৈ আহিবলৈ ব্ৰাজিলিয়ানসকলৰ বাবে ভিজাৰ প্ৰয়োজনীয়তা নোহোৱা কৰিছিল।

চীনৰ উচ্চাকাংক্ষী বেল্ট এণ্ড ৰ’দ ইনিচিএ’টিভত ব্ৰাজিলে এতিয়ালৈকে স্বাক্ষৰ কৰা নাই।

বিপৰীতে, এই প্ৰকল্পত এতিয়ালৈকে ১৯খন লেটিন এমেৰিকান আৰু কেৰিবিয়ান দেশে সন্মতি প্ৰদান কৰিছে।

Related News