NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত ৬ বছৰীয়া শিশুসহ ভাৰতীয় দম্পতীৰ মৃতদেহ উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2023 12:29 pm

আমেৰিকাত উদ্ধাৰ ৬ বছৰীয়া শিশুসহ ভাৰতীয় দম্পতীৰ গুলীবিদ্ধ মৃতদেহ। শুকুৰবাৰে মেৰিলেণ্ডৰ বাল্টিমোৰ কাউন্টিৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে তিনিটা মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, মঙলবাৰে শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিল দম্পতীহালে। তাৰ পিছৰ পৰা আৰু তেওঁলোকৰ কোনো খবৰ পোৱা নাছিল।

লগতে পঢ়ক: কি চৰ্তত এদিনৰ ভিতৰত ‘ছানী ভিলা’ নিলামৰ জাননী প্ৰত্যাহাৰ? বিৰোধীয়ে তুলিলে প্ৰশ্ন

ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ প্ৰাৰম্ভিক ধাৰণা যে যুৱকজনে পত্নী আৰু নাবালক সন্তানক হত্যা কৰি নিজেও আত্মহনন কৰে।

আৰক্ষীয়ে লগতে জনায় যে এই দম্পতীহাল কৰ্ণাটকৰ বাসিন্দা। কামৰ বাবে যোৱা ৯ বছৰ ধৰি আমেৰিকাত বাস কৰিছিল।

লগতে পঢ়ক: আমেৰিকাত ‘হিলাৰী’ৰ তাণ্ডৱ! খুন্দা মাৰিলে কেলিফৰ্ণিয়াৰ উপকূলত; হ’ল ভূমিকম্পও

কি কাৰণে এনে চৰম পদক্ষেপ ল’লে তাৰ তদন্ত চলি আছে।