NORTHEAST NOW (Assamese)

এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

October 3, 2023 8:09 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 3, 2023 8:10 am
এ আই-য়ে সৃষ্টি কৰা ক্ৰিকেটাৰসকলৰ কল্পনাৰ ছবি।

যোৱা কেইমাহমানত কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। মিডজাৰ্নিৰ দৰে এআইৰ দ্বাৰা নিৰ্মিত ছবিয়েও ছ’চিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ কৰিছে। এজন শিল্পীয়ে এই সঁজুলি ব্যৱহাৰ কৰি ১৯৫০ চনৰ জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰৰ পুনৰ কল্পনা কৰিছে।

ফ্লেছবেক ফটোৰ সংগ্ৰহে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে আৰু ৰেডিটত ভাইৰেল হৈ পৰিছে।

Redditor @anshuwuman ৰ  Sub-reddit ‘IndianArtAI’ ত ভিডিঅ’’টো পোষ্ট কৰা হৈছে। ভিডিঅ’টোত ক্ৰিকেটাৰসকলক ব্লেক এণ্ড হোৱাইট  ষ্টাইলত দেখা গৈছে।

ভিডিঅ’টোৰ আৰম্ভণিতে ফ্ৰেন্স দাড়ি আৰু নিখুঁতভাৱে কম্বিং কৰা চুলিৰে ক্লিন লুক স্প’ৰ্ট কৰা দেখা গৈছে বিৰাট কোহলীৰ ক’লা-বগা ছবি। ইয়াৰ পিছতে দেখা গৈছে ৰোহিত শৰ্মা, তাৰ পিছতে দেখা গৈছে এম এছ ধোনী আৰু হাৰ্দিক পাণ্ডিয়াক। এই অপ্ৰত্যাশিত ৰূপত শুভমান গিলকো দেখা গৈছে আৰু লগতে যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাডেজাকো দেখা গৈছে। (তলত ভিডিঅ’ চাওক)

ৰেডডিট ব্যৱহাৰকাৰীসকলে শিল্পীগৰাকীৰ সৃষ্টিশীলতাক লৈ আচৰিত হৈছে। এজন নেটিজেনে মন্তব্য কৰিছে, ‘তৃতীয় এজন এম এছ ডি? কিন্তু ইয়াৰ ভিতৰত শ্ৰেষ্ঠ। কোনোবাই লিখিছে, ‘তেওঁলোকৰ ৰেট্ৰ’ লুকটো অতি সুন্দৰ’।

আন কোনোবাই আকৌ মন্তব্য কৰিছে, ‘পঞ্চাশৰ দশকত সকলোৰে এটা দুৰ্দান্ত লুক আছিল’। কোনোবাই লিখিছে, ‘এ আই-য়ে মোৰ প্ৰত্যাশাক অতিক্ৰম কৰি গৈছে’।

Related News