NORTHEAST NOW (Assamese)

ভাৰতীয় সেনা বাহিনীৰ বাবে ১০ লাখ উচ্চ প্ৰযুক্তিৰ হেণ্ড গ্ৰেণেডৰ চুক্তি স্বাক্ষৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ

October 2, 2020 11:16 am · এন ই নাও নিউজ
ভাৰতীয় সেনা

ভাৰত-চীনৰ মাজত উত্তেজনা বিৰাজ কৰি থকাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে  ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে নাগপুৰস্থিত এটা প্ৰতিষ্ঠানৰ সৈতে ভাৰতীয় সেনা বাহিনীৰ বাবে ১০ লাখ মাল্টি-মোড হেণ্ড গ্ৰেণেডৰ চুক্তি স্বাক্ষৰ কৰে।

৪০৯ কোটি টকাৰ বিনিময়ত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰতিষ্ঠানটোৰ সৈতে উক্ত চুক্তি স্বাক্ষ কৰে।

ভাৰতীয় সেনা বাহিনীয়ে আক্ৰমণ আৰু আত্মৰক্ষাৰ বাবে এই মাল্টি-মোড হেণ্ড গ্ৰেণেড সমূহ ব্যৱহাৰ কৰিব পাৰিব।

”ভাৰতীয় সেনা বাহিনীয়ে ব্যৱহাৰ কৰি থকা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ হেণ্ড গ্ৰেণেডৰ ঠাইত এই মাল্টি-মোড হেণ্ড গ্ৰেণেড সমূহ অন্তৰ্ভূক্ত হ’ব,” ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এক বিবৃতিত এইদৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে সেনা বাহিনীৰ বাবে এছল্ট ৰাইফল, বুলেটপ্ৰুফ জেকেট আৰু উচ্চ প্ৰযুক্তিৰ হেলমেটৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।

Related News