NORTHEAST NOW (Assamese)

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am · এন ই নাও নিউজ, গুাহাটী

অবৈধ প্ৰব্ৰজন ৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা চলিত বৰ্ষত এতিয়ালৈকে ১,০৭৬ গৰাকী ভাৰতীয় নাগৰিকক বহিষ্কাৰ কৰা হৈছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই তথ্য প্ৰকাশ কৰি জানিবলৈ দিয়ে যে অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুয়োখন দেশৰ চৰকাৰ একেলগে প্ৰতিশ্ৰুতিবদ্ধ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, যোৱা ২০২৫ বৰ্ষত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা সৰ্বমুঠ ৩,৫৬৭ গৰাকী ভাৰতীয়ক প্ৰত্যাৱৰ্তন কৰোৱা হৈছিল। শেহতীয়াকৈ আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে দেশখনত অবৈধভাৱে বসবাস কৰি থকা প্ৰব্ৰজনকাৰীসকলৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰিছে আৰু ইয়াৰ অংশ হিচাপেই এই বহিষ্কাৰ প্ৰক্ৰিয়া চলাই নিয়া হৈছে।

মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰত্যাৱৰ্তন, প্ৰব্ৰজন আৰু যাতায়াতৰ বিষয়সমূহক লৈ দুয়োখন দেশৰ কৰ্তৃপক্ষই নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি চলিছে। দুয়োপক্ষৰ মাজত প্ৰব্ৰজন সম্পৰ্কীয় আলোচনা বৰ্তমানো অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে।

বৈধ প্ৰব্ৰজন প্ৰক্ৰিয়াত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে, সেয়া সুনিশ্চিত কৰাৰ লগতে অবৈধ প্ৰব্ৰজন কেনেদৰে ৰোধ কৰিব পাৰি, তাৰ ওপৰতেই এই আলোচনাসমূহত মূলতঃ গুৰুত্ব আৰোপ কৰা হৈছে। আগন্তুক সময়তো দুয়োখন দেশে এই দিশত সন্মিলিতভাৱে কাম কৰি যাব বুলি আশা কৰা হৈছে।

Related News