NORTHEAST NOW (Assamese)
অসম

IMF-এ দিলে সুখবৰ : লাহে লাহে ভালৰ দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 9:26 am

ক’ৰ’না ভাইৰাছৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনীতি লাহে লাহে পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্রীয় মুদ্ৰা নিধি চমুকৈ আই এম এফে।

ছেপ্টেম্বৰ ত্ৰিমাসিকত আশা কৰাতকৈ ভাৰতৰ অৰ্থনীতি যথেষ্ট পৰিমানে উন্নত হৈছে।

উৎপাদন খণ্ডৰ উন্নত প্ৰদৰ্শনৰ বাবে জিডিপি হ্ৰাস হৈছে মাত্ৰ ৭.৫ শতাংশ। লগতে গ্ৰাহকৰ চাহিদাই অনাগত সময়ত এই হাৰ অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূৰ্বে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক এপ্ৰিল-জুনত অৰ্থনীতি ২৩.৯ শতাংশ হ্ৰাস পাইছিল। ইয়াকে লৈ চিন্তিত হৈ পৰিছিল সাধাৰণ জনতা।

আই এম এফৰ প্ৰমুখ মুখপাত্ৰ গেৰী ৰাইছে সাংবাদিকৰ আগত কয়, ‘বাস্তৱ ক্ষেত্ৰত ভাৰতে এই মহামাৰীৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল কিন্তু লাহে লাহে এই সংকটৰ পৰা সুস্থ হৈ আছে’।

মহামাৰী ক’ভিড-১৯ৰ সময়ত ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজকোষ, বিত্তীয় ক্ষেত্ৰৰ পদক্ষেপে কোম্পানিসমূহ, ব্যৱসায়, কৃষি, দৰিদ্ৰ ক্ষতিগ্ৰস্ত পৰিয়ালকে ধৰি অৰ্থব্যৱস্থাক প্ৰয়োজনীয় সহায় কৰিছে।

ইয়াৰ পূৰ্বে আই এম এফৰ মন্ত্ৰীস্তৰীয় সমিতি, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা আৰু বিত্তীয় সমিতি(আই এম এফ চি)ৰ সৈতে হোৱা ভিডিঅ’ কনফাৰেন্সত ভাৰতৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ অৰ্থব্যৱস্থাৰ উত্থান পৰিলক্ষিত হৈছে।