NORTHEAST NOW (Assamese)
অসম

কৰ’নাত বিধ্বস্ত আমেৰিকা; মুকলিকৈ ভেকচিন লোৱাৰ কথা ঘোষণা তিনিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 8:50 am
Three former US president

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ’নাৰ দ্বাৰা আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে। আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দুয়োটা ক্ষেত্ৰতে দেশখন শীৰ্ষস্থানত আছে।

এনে পৰিস্থিতিত আমেৰিকাবাসীক কৰ’নাৰ ভেকচিন লোৱাৰ ক্ষেত্ৰত উৎসাহ যোগাবলৈ মুকলিকৈ কৰ’না ভেকচিন লোৱাৰ কথা ঘোষণা কৰিছে দেশখনৰ তিনিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, জৰ্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনে।

আমেৰিকাৰ কৰ’না পৰিস্থিতিক লৈ আশংকা প্ৰকাশ কৰিছে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেনে দেশখনত কৰ’নাত আৰু আঢ়ৈ লাখ লোকৰ মৃত্যু হ’ব পাৰে বুলি সদৰী কৰিছে।

দেশখনৰ কম শিক্ষিত তথা সাধাৰণ নাগৰিকৰ মনত ভেকচিনৰ প্ৰতি অনীহাৰ কথা জানিব পাৰি বিশেষজ্ঞসকলৰ লগতে সচেতন মহলে চিন্তা ব্যক্ত কৰিছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে বাৰাক অ’বামা, জৰ্জ ডব্লিউ বুশ্ব আৰু বিল ক্লিন্টনেও এনে চিন্তা মনত ৰাখি মুকলিকৈ কৰ’নাৰ ভেকচিন লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁলোকৰ এই ভেকচিন লোৱাৰ ছবি টিভি কেমেৰাৰে আৱদ্ধ কৰি প্ৰচাৰ কৰা হ’ব।

ইয়াৰ ফলত এই ভেকচিন যে নিৰাপদ আৰু ইয়াত যে কোনো ভেজাল নাই সেইটো মানুহৰ মনত প্ৰত্যয় জন্মাব আৰু সাধাৰণ নাগৰিকসকল ভেকচিন লোৱাৰ প্ৰতি আগ্ৰহী হৈ পৰিব।