NORTHEAST NOW (Assamese)

‘চেপ্তেম্বৰ-অক্টোবৰত উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন!’; দাবী কৰিলে ভাৰতীয় এক প্ৰতিষ্ঠানে

April 27, 2020 4:00 pm · এন ই নাও নিউজ
Updated: April 27, 2020 5:01 pm

অহা দুই এসপ্তাহৰ ভিতৰতে মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পিছত অক্টোবৰ মাহৰ পৰা উপলব্ধ হ’ব ক’ৰ’না ভাইৰাছৰ ভেকচিন। এই দাবী ভাৰতীয় এক প্ৰতিষ্ঠানৰ।

পুনেস্থিত চেৰ’ম ইনষ্টিটিউট অৱ ইণ্ডিয়াই আশা প্ৰকাশ কৰিছে যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক’ৰ’না ভাইৰাছৰ ভেকচিনবিধ মানৱ শৰীৰত পৰীক্ষণ কৰাৰ পিছতে অহা চেপ্তেম্বৰ-অক্টোবৰ মাহৰ পৰা উপলব্ধ হ’ব।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে প্ৰতিষেধক তৈয়াৰৰ অংশীদাৰিত্ব থকা বিশ্বৰ সাতটা প্ৰতিষ্ঠানৰ ভিতৰত উক্ত ভাৰতীয় প্ৰতিষ্ঠানটোও আছে।

প্ৰতিষ্ঠানটোৰ ইণ্ডিয়ান ভেকচিন মেজৰৰ মুখ্য কাৰ্যবাহী অধৰ পোনাৱাল্লাৰ মতে বৃট্ৰেইনত ক্লিনিকেল পৰীক্ষণৰ পিছত অহা চেপ্তেম্বৰ-অক্টোবৰৰ ভিতৰতে ভেকচিনবিধৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এছ আই আইএ। পোনাৱাল্লাৰ মতে এছ আই আইএ নিজৰ তত্ত্বাৱধানত ভেকচিনবিধ তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছে।

‘আমাৰ দলটোৱে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ডাঃ হিল(প্ৰফেচৰ এড্ৰিয়ান হিল)ৰ সৈতে অতি ঘনিষ্ঠ তথা দায়িত্ববোধেৰে কাম কৰি আছে আৰু আশা কৰা হৈছে অহা দুই-তিনি সপ্তাহৰ ভিতৰতে পৰীক্ষণ সম্পন্ন কৰি ভেকচিনবিধ প্ৰথম ছমাহৰ বাবে প্ৰতি মাহত ৫ মিলিয়নকৈ ঔষধ উপলব্ধ কৰাব পৰা যাব। ইয়াৰ পিছত প্ৰতিমাহে ইয়াৰ উৎপাদন ১০ মিলিয়নলৈকে বৃদ্ধি কৰিব পাৰিম বুলি আশা কৰা হৈছে।’ অধৰ পোনাৱাল্লাই কয়।

তেওঁ লগতে কয় যে ‘আমি আশা কৰিছো ভাৰতত মে’ মাহৰ পৰা মানৱ শৰীৰত ভেকচিনবিধৰ পৰীক্ষণ সম্পন্ন কৰিব পাৰিম, অন্ততঃ ১০০ গৰাকী ৰোগীৰ শৰীৰত।’

ইফালে মানৱ শৰীৰত ভেকিচন বিধৰ পৰীক্ষণ অহা মে’ মাহত সম্পন্ন কৰা হ’ব বুলি যোৱা বৃহস্পতিবাৰে অক্সফ’ৰ্ডে ঘোষণা কৰিছে।

যদি এই পৰীক্ষণ সফলভাৱে সম্পন্ন হয় তেতিয়া ভাৰতত ভেকচিন বিধৰ মূল্য সকলোৰে বাবে ব্যয়সাধ্য ১০০০ টকাৰ ভিতৰতে নিৰ্ধাৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে পোনাৱাল্লাই।

এইটো হৈছে মানৱ শৰীৰত পৰীক্ষণ কৰিব লগীয়া ছয় নম্বৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন। এই পৰীক্ষণ সফল হ’লে চেপ্তম্বৰলৈ এক মিলিয়ন ভেকিচন সাজু কৰিব পৰা হ’ব বুলি আশা প্ৰকাশ কৰিছে চিকিৎসাবিজ্ঞানীসকলে।

Related News