NORTHEAST NOW (Assamese)
অসম

আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 16, 2024 11:41 am
আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিলে ভাৰতীয় তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে

ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ছ’চিয়েল মিডিয়াত ভিডিঅ’ পোষ্ট কৰি অৱসৰৰ কথা ঘোষণা কৰি তেওঁ কয় যে অন্তিমখন মেচ কুৱেইটৰ বিৰুদ্ধে খেলিব।

এটা ভিডিঅ’ত তেওঁ নিজৰ যাত্ৰাৰ বিষয়ে কোৱাৰ লগতে কয় যে এতিয়া নতুনক সুযোগ দিয়াৰ সময়। ৩৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ভাৰতৰ হৈ খেলি থকাৰ সময়ত বহু ডাঙৰ অভিলেখ গঢ়ি দেশক উপহাৰ দিছে।

অৱসৰৰ কথা ঘোষণা কৰি সুনীল ছেত্ৰীয়ে নিজৰ কেৰিয়াৰ যাত্ৰাৰ কথা সুঁৱৰি কয়, “মোৰ এতিয়াও মনত আছে যেতিয়া মই মোৰ প্ৰথম মেচ খেলিছিলো। মোৰ প্ৰথমখন মেচ, মোৰ প্ৰথমটো গ’ল, সেইটোৱেই আছিল মোৰ যাত্ৰাৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত।”

লগতে পঢ়কঃ ঘৰৰ ল’ৰা ৰিয়ানৰ ধৈৰ্যশীল ইনিংছ! অধিনায়ক কুৰানৰ বিক্ৰমেৰে গুৱাহাটীত ৰাজস্থানক হৰুৱালে পঞ্জাবে

তেওঁ লগতে কয়, “মই কেতিয়াও ভবা নাছিলো যে দেশৰ হৈ ইমান মেচ খেলিম।”

তেওঁ কয় যে যেতিয়া তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছিল তেতিয়া তেওঁ প্ৰথমে পিতৃ-মাতৃ আৰু পত্নীক জনায়। “এতিয়া বিদায় দিয়াৰ সময় আৰু নতুনৰ বাবে ঠাই এৰি দিয়াৰ সময় আহি পৰিছে।”

অহা ৬ জুনত তেওঁ যুৱ ভাৰতীৰ হৈ অন্তিমখন খেল খেলিব। এইখনেই হ’ব দেশৰ জাৰ্চিত অন্তিমখন খেল আৰু তাতেই ভাৰতীয় ফুটবলৰ এক গৌৰৱময় অধ্যায়ৰ অন্ত পৰিব।