NORTHEAST NOW (Assamese)
অসম

পুলৱামা কাণ্ডৰ প্ৰভাৱ! পাকিস্তানবাসীয়ে নাপাব অসমৰ চাহৰ সোৱাদ

Posted by: এন ই নাও নিউজ February 21, 2019 8:42 am
tea

জম্মু-কাশ্মীৰৰ পুলৱামাত শেহতীয়াকৈ সংঘটিত আত্মঘাতী আক্ৰমণৰ পাছতে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অসমৰ চাহৰ সোৱাদ লোৱাৰ পৰা বঞ্চিত হৈছে পাকিস্তানবাসী।

ভাৰত চৰকাৰে পাকিস্তানক এম এফ এন (ম’ষ্ট ফে’ভাৰ্ড নে’চন) তালিকাৰ পৰা কৰ্তন কৰা বাবে অন্যান্য সামগ্ৰীৰ লগতে দেশখনলৈ বন্ধ হৈ গৈছে অসমৰ চাহৰ ৰপ্তানিও।

চৰকাৰৰ স্থিতিক ভাৰতৰ চাহ ব’ৰ্ডেও সমৰ্থন কৰাৰ ফলত পাকিস্তানৰ বজাৰখনৰ বিকল্প বিচাৰিব লগা হৈছে ৰপ্তানিৰ সৈতে জৰিত বৃহৎ চাহ কোম্পানিসমূহে।

ইফালে চাহ ৰপ্তানিকাৰী কোম্পানি এটাৰ সূত্ৰ মতে ৰপ্তানি বন্ধকৰণে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা অমূলক।

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত কিনি চলা ফেক্তৰি (BLF)সমূহে গুণাগুণ পৰীক্ষা কৰাৰ পিছতহে চাহ ৰপ্তানি কৰা হয়।

বহুসময়ত ক্ষুদ্ৰ চাহ খেতিয়কে ডাঙৰ পাতসমূহো ফেক্তৰিত দিয়ে যদিও ৰপ্তানিৰ বাবে সেই মানৰ চাহক উপযুক্ত বুলি বিবেচনা কৰা নহয়, চাহ ব’ৰ্দৰ সূত্ৰৰ প্ৰকাশ।