NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱসত ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা; পতাকাৰ দায়িত্বত থকা দুগৰাকী আৰক্ষী জোৱানক নিলম্বন

August 15, 2019 8:09 pm · এন ই নাও নিউজ
ওদালগুৰিত ওলোটাকৈ উৰা জাতীয় পতাকা

ওদলাগুৰিত কেন্দ্ৰীয় স্বাধীনতা দিৱসত ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ঘটনাক কেন্দ্ৰ কৰি পাতাকাৰ দায়িত্বত থকা দুগৰাকী আৰক্ষী জোৱানক নিলম্বনৰ নিৰ্দেশ দিয়ে জিলা আৰক্ষী অধীক্ষকে।

ঘটনাৰ লগত জড়িত এ বি এছ আই সুবোধ মিশ্ৰৰ লগতে আন এগৰাকী কনিষ্টবলক তৎক্ষণিকভাৱে নিলম্বন কৰা হয়।

জানিব পৰা মতে, আজি সমগ্ৰ দেশৰ সমান্তৰালভাৱে ওদালগুৰি জিলাতো ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছিল।

ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস উদযাপন কৰ্য্যসূচীৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে।

পতাকা উত্তোলন কৰাৰ পাছতে সকলোৱে দেশৰ ৰাষ্ট্ৰীয় পতাকাখন ওলোটাকৈ উত্তোলন হোৱা পৰিলক্ষিত কৰে।

স্বাধীনতা দিৱসৰ দিনটোত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিত স্বাভাৱিকতে কিছু উদ্যোক্তা সমিতি অস্বস্তিত পৰে যদিও পৰৱৰ্তী সময়ত পতাকাখন সঠিক ৰূপত উত্তোলন কৰা হয়।

আনহাতে, এই ঘটনাৰ লগত জড়িত থকা আৰক্ষী জোৱান দুগৰাকীক নিজৰ কৰ্তব্য সঠিকভাৱে ৰূপায়ন নকৰা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে নিলম্বন কৰে জিলা আৰক্ষী অধীক্ষকে।

Related News