NORTHEAST NOW (Assamese)

নজিৰ বিহীন : ৰাষ্ট্রসংঘৰ সচিব প্ৰধানৰ দৌৰত ভাৰতীয় মূলৰ যুৱতী অৰোৰা আকাংক্ষা

February 14, 2021 2:55 pm · এন ই নাও নিউজ
Updated: February 14, 2021 3:37 pm

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ নিৰ্বাচনী দৌৰত এইবাৰ চামিল হৈছে এগৰাকী ভাৰতীয় মূলৰ যুৱতী।

নাম তেওঁৰ অৰোৰা আকাংক্ষা। ৩৪ বছৰীয়া অৰোৰাই ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিবপ্ৰধান এণ্টনিঅ’ গুট্ৰেছৰ অৱসৰৰ পিছত খালী হ’বলগীয়া আসনত বহাৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।

অৰোৰাই বৰ্তমান ৰাষ্ট্ৰসংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম ক’অৰ্ডিনেটৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে।

বিশ্বৰ শীৰ্ষ সংস্থাটোৰ বিগত ৭৫ বছৰীয়া ইতিহাসত কোনো মহিলাই সচিব প্ৰধানৰ পদত অধিস্থিত হোৱা নাই। এই বেলি যদি অৰোৰা নিৰ্বাচিত হয় তেন্তে তেঁৱেই হ’ব প্ৰথম গৰাকী মহিলা সচিব প্ৰধান ।

ইতিমধ্যে ভাৰতীয় মূলৰ অৰোৰাই বিশ্ব সম্প্ৰদায়ৰ  সমৰ্থন আদায়ৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত পোষ্ট কৰা এটা ভিডিঅ’ত অৰোৰাই কৈছে যে তেওঁৰ দৰে এগৰাকী সাধাৰণ কৰ্মচাৰীয়ে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ পদবীৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ কৰাটো বহুতৰে বাবে আচৰিত হ’বলগীয়া কথা যেন হৈছে যদিও ৰাষ্ট্ৰসংঘৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে তেওঁ নিৰ্বাচনত ভাগ লোৱাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য ২০১৭ চনৰ ১ জানুৱাৰীৰ দিনা বৰ্তমানৰ সচিব প্ৰধান এণ্টনিঅ’ গুট্ৰেছে কাৰ্যভাৰ গ্ৰহণ কৰিছিল।

চলিত বৰ্ষৰ ৩১ ডিচেম্বৰত তেওঁৰ কাৰ্যকাল উকলিব।

অৱশ্যে অৱসৰৰ পিছতো তেওঁ দ্বিতীয়বাৰৰ বাবে সচিব প্ৰধান পদৰ বাবে নিৰ্বাচনত অংশ ল’ব। সেয়ে এণ্টনিঅ’ গুট্ৰেছৰ বিৰুদ্ধে যুঁজিব লাগিব অৰোৰাই।

ভাৰতত জন্মগ্ৰহণ কৰা অৰোৰা আকাংক্ষাৰ ভাৰত আৰু কানাডা উভয় দেশৰে নাগৰিকত্ব আছে।

অৰোৰাই  ট’ৰ’ণ্টৰ য়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।পিছত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘত যোগদান কৰিছিল।

Related News