NORTHEAST NOW (Assamese)

আমেৰিকাত ভাৰতীয় মূলৰ চিকিৎসকৰ বিৰুদ্ধে যৌ*ন শোষণ আৰু চিকিৎসা জালিয়াতিৰ অভিযোগ

July 20, 2025 6:07 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 20, 2025 6:10 pm

আমেৰিকাৰ নিউ জাৰ্ছিত বাস কৰা ৫১ বছৰীয়া ভাৰতীয় মূলৰ চিকিৎসক ৰিতেশ কলবৰ বিৰুদ্ধে ৰোগীৰ পৰা যৌন সম্পৰ্কৰ বিনিময়ত ঔষধ প্ৰদান, চিকিৎসা জালিয়াতি আৰু নিচাযুক্ত ঔষধ বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

তেওঁ ফেয়াৰ লনৰ এখন ক্লিনিকত দীৰ্ঘদিন ধৰি কাম কৰি আহিছিল। তেওঁৰ বিৰুদ্ধে অপ্ৰয়োজনীয় ঔষধ প্ৰেছক্ৰিপচন দিয়াৰ অভিযোগৰ লগতে ২০১৯ চনৰ পৰা ২০২৫ চনৰ ফেব্ৰুৱাৰীলৈকে ৩১,০০০ৰো অধিক ভুৱা প্ৰেছক্ৰিপচন জাৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নিউ জাৰ্ছিৰ আৰক্ষীৰ মতে, তেওঁ ৰোগীৰ দুৰ্বলতাৰ সুযোগ লৈ যৌন শোষণৰ লগতে মেডিকেড প্ৰকল্পত জালিয়াতি কৰিছিল। তেওঁ চিকিৎসাৰ নামত মিছা বিল জমা দি আৰ্থিক প্ৰৱঞ্চনা কৰিছিল।

ন্যায়াধীশ আন্দ্ৰে এম এস্পিনোজাই তেওঁক ১ লাখ ডলাৰৰ জামিনত মুক্তি দিলেও কেইবাটাও কঠোৰ চৰ্ত জাপি দিছে। বৰ্তমান তেওঁ গৃহবন্দী অৱস্থাত আছে, আৰু তেওঁৰ চিকিৎসাৰ অনুজ্ঞাপত্ৰ বাতিল কৰি তেওঁৰ ক্লিনিক বন্ধ কৰাৰ নিৰ্দেশ দিছে। যদি অভিযোগসমূহ প্ৰমাণিত হয়, তেন্তে কালৰাক ২০ বছৰৰ কাৰাদণ্ড আৰু ১০ লাখ ডলাৰৰ জৰিমানাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

ইয়াৰ উপৰিও স্বাস্থ্য বীমা জালিয়াতিৰ অভিযোগ প্ৰমাণিত হ’লে অতিৰিক্ত ১০ বছৰৰ কাৰাদণ্ড আৰু ২.৫ লাখ ডলাৰৰ জৰিমানা হ’ব পাৰে।

Related News