NORTHEAST NOW (Assamese)

পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী মহিলা সভাপতি হিচাপে নিৰ্বাচিত ভাৰতীয় মূলৰ অধ্যাপক

December 10, 2021 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 10, 2021 7:35 pm

আমেৰিকাৰ সন্মানীয় পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিছে ভাৰতীয় বংশোদ্ভৱ অধ্যাপক নীলি বেণ্ডাপুডিয়ে।

বিশাখাপত্তনমত জন্ম গ্ৰহণ কৰা আৰু ১৯৮৬ চনত উচ্চ অধ্যয়নৰ বাবে আমেৰিকালৈ অহা বেণ্ডাপুডি বৰ্তমান কেণ্টুকীৰ লুইচভিল বিশ্ববিদ্যালয়ৰ সভাপতি আৰু বিপণনৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

পেনচিলভেনিয়া ষ্টেট ইউনিভাৰ্চিটিয়ে ইয়াৰ ৱেবছাইটত এক বিবৃতিত কয় যে ৯ ডিচেম্বৰত পেন ষ্টেট ব’ৰ্ড অৱ ট্ৰাষ্টিয়ে তেওঁক সৰ্বসন্মতিক্ৰমে পেন ষ্টেটৰ পৰৱৰ্তী সভাপতি হিচাপে মনোনীত কৰিছে।

“তেওঁ ২০২২ চনত পেন ষ্টেটৰ ১৯ তম সভাপতি হিচাপে নিযুক্তি আৰম্ভ কৰাৰ লগে লগে বিশ্ববিদ্যালয়ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম মহিলা হিচাপে ইতিহাস সৃষ্টি কৰিব।”— বিবৃতিটোত এইদৰে উল্লেখ কৰা হৈছে।

বৰ্তমান লুইচভিল বিশ্ববিদ্যালয়ৰ ১৮ তম সভাপতি তথা বিপণন আৰু উপভোক্তা আচৰণত বিশেষজ্ঞ বেণ্ডাপুডি হৈছে উচ্চ শিক্ষাৰ এগৰাকী আগশাৰীৰ ব্যক্তি।

সভাপতি হিচাপে মনোনীত হোৱাৰ পিছত বেণ্ডাপুডিয়ে কয়, “পেন ষ্টেট এখন বিশ্বমানৰ বিশ্ববিদ্যালয়। মই সমগ্ৰ কমনৱেলথ আৰু তাৰ বাহিৰেও উৎকৃষ্ট শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এই জীৱন্ত প্ৰক্ৰিয়াটোক যোগদান কৰিবলৈ পাই গৌৰৱান্বিত আৰু অধিক উৎসাহিত।”

এই সন্মান দিয়াৰ বাবে পেন ষ্টেট আৰু ব’ৰ্ড অৱ ট্ৰাষ্টীক ধন্যবাদ জনায় বেণ্ডাপুডিয়ে।

Related News