NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পেলেষ্টাইনৰ সমৰ্থনত উলিওৱা প্ৰতিবাদত অংশগ্ৰহণ; ভাৰতীয় মূলৰ ছাত্ৰীক আমেৰিকাত গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2024 3:07 pm

পেলেষ্টাইন সমৰ্থক শিবিৰৰ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতীয় মূলৰ ছাত্ৰী অচিন্ত্য শিৱলিংগমক গ্ৰেপ্তাৰ কৰা হৈছে৷ ইতিমধ্যে শিৱলিংগমক আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ত নিষিদ্ধ কৰা হৈছে। গাজাত ইজৰাইল-হামাছ যুদ্ধৰ বিৰুদ্ধে সমগ্ৰ আমেৰিকাৰ প্ৰধান বিশ্ববিদ্যালয়সমূহত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।

তামিলনাডুৰ কোয়ম্বটুৰত জন্মগ্ৰহণ কৰা আৰু অহাইঅ’ৰ কলম্বাছত ডাঙৰ-দীঘল হোৱা শিৱলিংগমক বৃহস্পতিবাৰে আন এজন সহপাঠী হাছান ছায়েদৰ সৈতে গ্ৰেপ্তাৰ কৰা হয় বুলি প্ৰিন্সটন এলুমনি উইকলিয়ে প্ৰকাশ কৰিছে।

প্ৰিন্সটন এলুমনি উইকলিয়ে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে পুৱা কৰ্তৃপক্ষৰ সতৰ্কবাণীৰ পাছতো ছাত্ৰ প্ৰতিবাদকাৰীয়ে বিশ্ববিদ্যালয়খনৰ মেককছ ক’ৰ্টয়াৰ্ডত শিৱিৰ স্থাপন কৰিছিল।

বৃহস্পতিবাৰৰ এই প্ৰতিবাদ কাৰ্যসূচীটো প্ৰিন্সটন বিশ্ববিদ্যালয়ত প্ৰিন্সটন ষ্টুডেণ্টছ ফৰ জাষ্টিছ ইন পেলেষ্টাইন (এছজেপি), প্ৰিন্সটন পেলেষ্টাইন লিবাৰেচন ক’লিচন আদি কেম্পাছৰ গোটসমূহে আয়োজন কৰা ধাৰাবাহিক বিক্ষোভৰ অংশ আছিল।

উল্লেখ্য যে, যোৱা সপ্তাহত নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত আইভী লীগ স্কুল হাৰ্ভাৰ্ড আৰু ইয়েলকে ধৰি সমগ্ৰ আমেৰিকাৰ প্ৰধান বিশ্ববিদ্যালয়সমূহত পেলেষ্টাইনৰ সমৰ্থকৰ প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে।