NORTHEAST NOW (Assamese)

১ জুনৰ পৰা বিশেষ ৰূপত দেখা পাব ৰে’লৰ টিটিক; ৰে’ল বিভাগৰ নিৰ্দেশনা জাৰি

May 30, 2020 9:45 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰে’ল যাত্ৰাৰ সময়ত টিকট পৰীক্ষাৰ বাবে অহা টিটি সকলৰ কাৰণে নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰে’ল বিভাগে।

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত টিটি সকলক ক’লা কোট আৰু টাইৰ পৰিৱৰ্তে মাস্ক, পি পি ই কিট আৰু গ্লোভছ পৰিধান কৰাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় ৰে’ল বিভাগে।

আনহাতে টিটি সকলে এতিয়াৰে পৰা যাত্ৰী সকলৰ টিকত পৰীক্ষা কৰাৰ বাবে বিশেষ আতচী কাচ ব্যৱহাৰ কৰিব যাতে হাতেৰে নুচুৱাকৈ টিকত সমূহ পৰীক্ষা কৰিব পৰা যায়।

ৰে’ল বিভাগে জুনৰ ১ তাৰিখৰ পৰা বলবৎ হোৱাকৈ এই নতুন নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখযোগ্য যে, ভাৰতীয় ৰে’ল বিভাগে ক’ৰ’না মহামাৰীৰ সংকটৰ সময়ত দেশবাসীক বিভিন্ন ধৰণে সেৱা আগবঢ়াই আহিছে।

ল’কডাউনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক স্বগৃহলৈ উভতি অহাৰ বাবে ৰে’ল বিভাগে বিশেষ শ্ৰমিক ৰে’লৰ ব্যৱস্থা কৰিছে।

ইয়াৰোপৰি, ৰে’ল বিভাগে বিভিন্ন ৰে’ল দবাত ক’ৰ’না আক্ৰান্ত সকলক ৰখাৰ বাবে আইচোলেশ্যন শিৱিৰো স্থাপন কৰিছে।

Related News