NORTHEAST NOW (Assamese)

দুৰ্গোসৱৰ বতৰত ভাৰতীয় ৰে’লৱেই অতিৰিক্ত ৩৯২ খন ৰে’ল চলাব : চাওক সম্পূৰ্ণ তালিকা

October 13, 2020 8:30 pm · এন ই নাও নিউজ
Updated: October 13, 2020 8:36 pm

সমাগত দুৰ্গোৎসৱ। মহামাৰী ক’ৰ’ণাৰ বাবে এইবাৰ দেশত দুৰ্গোৎসৱ উদযাপনত পূৰ্বৰ দৰে উৎসাহ উদ্দীপনাৰ পৰিলক্ষিত হোৱা নাই।

 

ইফালে এতিয়াও ভাৰতীয় ৰে’লে দূৰণীবটীয়া কিছু ৰে’লৰ চলাচল আৰম্ভ কৰিছিল যদিও স্থানীয় ৰে’লৰ চলাচল বন্ধ কৰি ৰাখিছে।

তেনে সময়তে আজি মংগলবাৰে ভাৰতীয় ৰে’লৱেই ঘোষণা কৰিছে যে আগন্তুক দুৰ্গোসৱৰ সময়ত ৩৯২ খন অতিৰিক্ত ৰে’ল চলাচলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’লৱে বিভাগে ঘোষণা কৰা মতে অহা ২০ অক্টোবৰ পৰা ৩০ অক্টোবৰলৈ অতিৰিক্ত ১৯৬ যোৰা অৰ্থাৎ ৩৯২ খন ৰে’লে দেশত চলাচল কৰিব।

ৰে’লৱে ব’ৰ্ডে মংগলবাৰে জাৰি কৰা এক নিৰ্দেশনাত কয় যে মহোৎসৱ বিশেষ ৰে’লবোৰ প্ৰতি ঘণ্টাত ৫৫ কিলোমিটাৰ গতিৰে চলোৱা হ’ব।

এই বিশেষ ৰে’লসমূহ যাত্ৰীৰ পৰা ভাড়া লোৱাও হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্যে যে, ক’ৰ’ণাকালীন লকডাউনৰ উঠাই আনলক আৰম্ভ কৰাৰে পৰা দেশত মাত্ৰ ৩০০ মেইল আৰু এক্সপ্ৰেছ ৰে’লহে চলি আছে।

 

Related News