NORTHEAST NOW (Assamese)

১৫১ খন চুপাৰফাৰ্ষ্ট যাত্ৰীবাহী ৰেইলক ব্যক্তিগত খণ্ডক গতাব নৰেন্দ্ৰ মোদীৰ চৰকাৰে

July 2, 2020 11:41 am · এন ই নাও নিউজ
Updated: July 2, 2020 1:20 pm

দেশৰ ১৫১ খন যাত্ৰীবাহী ৰেইল ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

যাত্ৰীক উৎকৃষ্ট মানৰ সেৱা প্ৰদান আৰু ভাৰতীয় ৰেইলক অত্যাধুনিক ৰূপত গঢ় দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে কেন্দ্ৰই।

দেশৰ ১০৯ টা ৰুটৰ ১৫১ খন চুপাৰফাৰ্ষ্ট ৰেইলক ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ ফলত ভাৰতীয় ৰে’লৱেত প্ৰাইভেট কোম্পামীসমূহে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিব বুলি আশা কৰিছে কেন্দ্ৰই।

উল্লেখ্য যে, যোৱা বৰ্ষত আইআৰচিটিচিএ লক্ষ্মৌৰ পৰা দিল্লীলৈ লক্ষ্মৌ-দিল্লী তেজ এক্সপ্ৰেছ নামৰ প্ৰথমখন ব্যক্তিগতকৰণ কৰা ৰে’ল আৰম্ভ কৰিছিল।

উক্ত যাত্ৰীবাহী ৰেইলসমূহ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ ফলত কৰ্ম সংস্থাপন আৰু আয় বৃদ্ধি পোৱাৰ লগতে যাত্ৰীসকলে বিশ্ব মানৰ ৰেইল সেৱা লাভ কৰিব জনাইছে কেন্দ্ৰীয় চৰকাৰে।

Related News