NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 2, 2020 11:49 am

সমগ্ৰ বিশ্বৰ লগতে অসম তথা বিশ্বনাথটো ক’ভিড-১৯ৰ বৃদ্ধি পোৱা দেখা গৈছে। ইতিমধ্যে বিশ্বনাথ চাৰিআলিত ভয়ংকৰ ৰূপত গণ সংক্ৰমনৰ তথ্যও পোহৰলৈ আহিছে।

গণ সংক্ৰমণৰ ভয়াবহতাৰ দৃষ্টি ৰাখি বিশ্বনাথ চাৰিআলিৰ পাভৈ পৰা বিশ্বনাথ ঘাট সংযোগী নগৰ পথটিৰ লগতে বিশ্বনাথ চাৰিআলিৰ বহু ঠাইত অস্থায়ীভাৱে বহি থকা বজাৰ সমূহ স্থানান্তৰ কৰাৰ বাবে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰখনৰ জৰিয়তে ছাত্ৰ সন্থাই উল্লেখ কৰে যে এই দৈনিক বজাৰ সমূহৰ ভিৰে ক’ৰ’নাৰ গণ সংক্ৰমণৰ শংকা বৃদ্ধি কৰে।

স্মাৰকপত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সুৰজ ভূঞা, ভাৰপ্ৰাপ্ত সম্পাদক লক্ষ্যজিৎ শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাংগঠনিক সম্পাদক প্ৰিয়ংকু প্ৰতিম দাস আৰু বিশ্বনাথ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি প্ৰজ্ঞান জ্যোতি শইকীয়া।