NORTHEAST NOW (Assamese)

ষ্টাৰ্ক, জনছন, আক্ৰামক পিছ পেলাই ৰবীন্দ্ৰ জাদেজাৰ নতুন বিশ্ব অভিলেখ

October 4, 2019 5:26 pm · এন ই নাও নিউজ
Updated: October 4, 2019 5:29 pm
ৰবীন্দ্ৰ জাদেজা

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ঠ শৃংখলাৰ প্রথমখন টেষ্টত আটাইতকৈ কম সংখ্যক টেষ্টত ২০০ টা উইকেট দখল কৰা বাওহতীয়া বলাৰ হিচাপে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ভাৰতৰ স্পীনাৰ ৰবীন্দ্ৰ জাদেজাই।

জাদেজাই মাত্ৰ ৪৪ খন টেষ্টত অংশলৈ এই কৃতিত্ব অৰ্জন কৰে। জাদেজাৰ পূৰ্বে এই অভিলেখ আছিল শ্ৰীলংকাৰ স্পীনাৰ ৰংগনা হেৰাথৰ নামত।

জাদেজাই বিশাখাপট্টনমত চলি থকা শৃংখলাৰ প্ৰথমখন টেষ্টৰ তৃতীয় দিনত দক্ষিণ আফ্ৰিকাৰ অপেনাৰ ডীন এলগাৰক পেভিলিয়ানৰ বাট দেখুৱাই নতুন অভিলেখৰ পৃষ্ঠাত নিজৰ নাম সন্নিবিষ্ট কৰে।

হেৰাথে ৪৭ খন টেষ্টত ২০০ দখল কৰিছিল। ইয়াৰ বিপৰীতে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল জনছন(৪৯), মিচেল ষ্টাৰ্ক(৫০) আৰু ভাৰতৰ পূৰ্বৰ স্পীনাৰ বিসন সিং বেদী(৫১)।

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ তথা অধিনায়ক ৱাছিম আক্ৰাম তালিকাৰ ষষ্ঠ স্থানত আছে।

উল্লেখযোগ্য যে, বিশাখাপট্টনম টেষ্টত ভাৰতৰ হৈ ৰোহিত শৰ্মাই প্ৰথমবাৰৰ বাবে টেষ্টত ইনিংছ মুকলি কৰি দৰ্শনীয় শতৰাণ অৰ্জন কৰে। ৰোহিতে ১৭৬ ৰাণ কৰাৰ বিপৰীতে আন এজন অপেনাৰ মায়াংক আগৰৱালে কেৰিয়াৰ প্ৰথমটো দ্বিশতৰাণ(২১৫)অৰ্জন কৰে।

Related News