NORTHEAST NOW (Assamese)
Popular Stories

৩২ টা নহয়, আছে ৩৮ টা দাঁত! গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী হ’ল ভাৰতীয় মহিলা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2023 7:58 am
Guinness World Record

সাধাৰণতে এগৰাকী মানুহৰ মুখমণ্ডলত থাকে ৩২ টা দাঁত। কিন্তু ভাৰতৰে এগৰাকী মহিলাৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম ঘটিছে। ৩২ নহয়, মহিলাগৰাকীৰ মুখমণ্ডলত আছে ৩৮টা দাঁত। এই ব্যতিক্ৰমৰ বাবেই মহিলাগৰাকী গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী হৈছে।

কল্পনা বালান নামৰ এইগৰাকী মহিলাই মুখত সৰ্বাধিক দাঁত থকা মহিলা হিচাপে লাভ কৰিছে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি, বালানৰ চাৰিটা অতিৰিক্ত মেণ্ডিবুলাৰ (তলৰ পাৰি) দাঁত আৰু দুটা অতিৰিক্ত মেক্সিলাৰী (উপৰ পাৰি) দাঁত আছে।

প্ৰকাশিত খবৰ অনুসৰি, কিশোৰ বয়সত কল্পনাই ক্ৰমান্বয়ে মুখমণ্ডলত অতিৰিক্ত দাঁতবোৰৰ উত্থান অনুভৱ কৰিছিল। এটা এটাকৈ বাঢ়ি আহিছিল এই অতিৰিক্ত দাঁতকেইটা। অৱশ্যে এই দাঁতকেইটাৰ বাবে কোনো ধৰণৰ বিষ অনুভৱ কৰা নাছিল তেওঁ।

কিন্তু খাদ্য খোৱাৰ ক্ষেত্ৰত তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কাৰণ প্ৰায়ে অতিৰিক্ত দাঁতৰ মাজত খাদ্য আবদ্ধ হৈ পৰিছিল। এই অতিৰিক্ত দাঁতৰ বিষয়ে জানিব পাৰি তেওঁৰ পিতৃ-মাতৃ আশ্চৰ্যচকিত হৈ পৰে আৰু দাঁতকেইটা সৰাই পেলোৱাৰ পৰামৰ্শ দিয়ে।

অৱশ্যে দন্ত চিকিৎসকে দাঁতবোৰ সহজে আঁতৰাব নোৱাৰাৰ বাবে অধিক বাহিৰলৈ ওলাই অহালৈকে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু দাঁতকেইটা সম্পূৰ্ণ বাঢ়ি যোৱাৰ পাছতো বালানে দাঁত সৰোৱাৰ পিছত হ’ব পৰা সম্ভাৱ্য বিষৰ ভয়ত দাঁতকেইটা ৰাখিবলৈ সিদ্ধান্ত ল’লে।

 

ইফালে এতিয়া গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ দ্বাৰা কৃতিত্ব অৰ্জন কৰাৰ পিছত কল্পনা বালানে এই সাফল্যৰ বাবে যথেষ্ট সুখী বুলি মন্তব্য কৰিছে। এয়া তেওঁৰ জীৱনজোৰা কৃতিত্ব বুলি মন্তব্য কৰিছে মহিলাগৰাকীয়ে।

কল্পনা বালানে মহিলাৰ ক্ষেত্ৰত এই ৰেকৰ্ডৰ অধিকাৰী হোৱাৰ বিপৰীতে পুৰুষৰ ক্ষেত্ৰত এই অভিলেখ আছে কানাডাৰ ইভানো মেল’ন নামৰ ব্যক্তিজনৰ নামত। মুঠ ৪১টা দাঁতেৰে মেল’নে সৰ্বাধিক দাঁতৰ পুৰুষ হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ কৰিছিল।