NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি সভা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 17, 2020 2:45 pm
aaa sib

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজিৰ দ্বিতীয় দিন।

পুৱা শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা।

সমান্তৰালকৈ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ। সাংস্কৃতিক সমাৰেহত গায়ন বায়ন,  জিকিৰ আৰু জাৰি, জুমুৰ, বিহু নৃত্য আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয়।

আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ শিৱসাগৰত উপস্থিত হয় লুৰিনজ্যোতি গগৈৰ মাতৃ দুলু গগৈ।

 এই অভিৱৰ্তনখনি চচক্ষে প্ৰত্যক্ষ কৰা তথা লুৰিণজ্যোতি গগৈৰ নতুন যাত্ৰাৰ বাবে একাজলি আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত হৈছে নেতাজনৰ মাতৃ।

সংবাদ মাধ্যমৰে হোৱা এক আছুতীয়া কথা বাৰ্তাত লুৰিণজ্যোতি গগৈৰ মাতৃয়ে সদায় জাতিৰ বাবে ভাল চিন্তা আৰু কাম কৰিবলৈ পুত্ৰক আহ্বান জনায়।

অসমৰ ৰাজনৈতিক জগতত আজি অসম জাতীয় পৰিষদে পূৰ্ণ ৰূপ পাব। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজৰ লোক আহি উপস্থিত হয় বৰ্ডিং খেলপথাৰত।