NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন বিশ্বৰ শীৰ্ষস্থানীয় মল্লযোদ্ধা ভাৰতৰ বজৰংগ পুনিয়াৰ

September 19, 2019 8:32 pm · এন ই নাও নিউজ
বজৰং পুনিয়া

বিশ্বৰ শীৰ্ষস্থানীয় মল্লযোদ্ধা ভাৰতৰ বজৰংগ পুনিয়াই (৬৫ কেজি) অহা বৰ্ষত হ’বলগীয়া টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।

বজৰংগ পুনিয়াৰ লগতে ৰবি কুমাৰ দহিয়াই (৫৭ কেজি)য়ো টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।

কাজাকিস্তানত চলি থকা বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগে লগে দুয়োগৰাকী মল্লযোদ্ধাই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।

অবশ্যে প্ৰতিযোগিতাখনত দুয়োগৰাকী ভাৰতীয় মল্লযোদ্ধাই ছেমিফাইনেলত পৰাস্ত হয়।

বিগত বৰ্ষত বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয়ী বজৰংগ পুনিয়াই কোৱাৰ্টাৰ ফাইনেলত কোৰিয়াৰ জোংগ চোলচোনক ৮-১ ব্যৱধানত পৰাস্ত কৰি অলিম্পিকত অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰে।

ছেমিফাইনেলত বজৰংগ পুনিয়াই কাজাকিস্তানৰ মল্লযোদ্ধাৰ হাতত তীব্ৰ প্ৰত্যাহবান জনায়ো অন্তিম সময়ত পৰাজিত হয়।

আনহাতে, ৰবিয়ে কোৱাৰ্টাৰ ফাইনেলত পূৰ্বৰ বিশ্ব চেম্পিয়ন তথা ২০১৭ চনৰ এছিয়ান চেম্পিয়ন জাপানৰ য়ুকি নাকাহাশিক ৬-১ ব্যৱধানত পৰাস্ত কৰে যদিও ছেমিফাইনেলত ৰাছিয়াৰ মল্লযোদ্ধাৰ হাতত পৰাস্ত হয়।

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে দুয়োগৰাকী মল্লযোদ্ধাক লৈ দেশৰ খেল প্ৰেমীৰ প্ৰত্যাশা বৃদ্ধি পাইছে।

Related News