NORTHEAST NOW (Assamese)
দেশ

আৰোগ্য হ’ল দেশৰ প্ৰথমজন মাঙ্কিপক্স ৰোগী: চিকিৎসালয়ৰ পৰা দিয়া হ’ল অব্যাহতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2022 8:41 pm
Monkeypox in India

ভাৰতৰ প্ৰথমগৰাকী মাঙ্কিপক্স আক্ৰান্ত ৰোগী গৰাকী সম্পূৰ্ণৰূপে ভাইৰাছটোৰ পৰা আৰোগ্য লাভ কৰিছে। কেৰালাৰ কোল্লামৰ বাসিন্দা এই ৩৫ বৰ্ষীয় ব্যক্তিগৰাকীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

ইউনাইটেড আৰৱ আমিৰাতৰ পৰা অহাৰ পিছত ৰোগীজনৰ শৰীৰত মাঙ্কিপক্সৰ উপস্থিতি ধৰা পৰিছিল। যোৱা ১২ জুলাইত ত্ৰিবান্দ্ৰম বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত তেওঁক মাঙ্কিপক্সৰ লক্ষণ দেখা দিয়াৰ বাবে ১৪ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এই সন্দৰ্ভত কৰা ভাষ্য অনুসৰি দুবাৰকৈ পৰীক্ষা কৰাৰ পিছত তেওঁ ভাইৰাছটোৰ কবলৰ পৰা মুক্ত হোৱা বুলি নিশ্চিত হয়। ৰোগীজন এতিয়া শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট স্বাস্থ্যৱান বুলি তেওঁ লগতে কয়।

মাঙ্কিপক্সৰ ফলত ছালত দেখা দিয়া অস্বাভাৱিক লক্ষণ সমূহ সম্পূৰ্ণৰূপে আৰোগ্য হোৱা বুলি নিশ্চিত কৰি তেওঁ ৰোগীজনক আজি অব্যাহতি দিয়া হ’ব বুলি দিনৰ ভাগত সংবাদ মাধ্যমৰ আগত সদৰি কৰিছিল।

ইফালে মাঙ্কিপক্সত আক্ৰান্ত হোৱা ৰাজ্যখনৰ আন দুজন ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাও সন্তোষজনক বুলি জানিব পৰা গৈছে।

দেশৰ ভিতৰতে প্ৰথম তিনিটা মাঙ্কিপক্সৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছত কেৰালা চৰকাৰে ৰোগবিধৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে।