NORTHEAST NOW (Assamese)
Popular Stories

IPL 2024: খুটি লৰিল চেন্নাইৰ, মন জুৰালে ধোনীয়ে; ৰাহুল-ডি ককৰ দুৰ্দান্ত বেটিঙেৰে জয়ৰ ধাৰালৈ উভতিল লক্ষ্ণৌ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2024 7:46 am

লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল খেলখন। ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। কিন্তু দেখা গৈছিল এইখন যেন চেন্নাইৰ চিপক ষ্টেডিয়ামহে। গোটেই খেলপথাৰ জুৰি হালধীয়া পতাকা আৰু জাৰ্চি। কাৰণ মাত্ৰ এজনেই, মহেন্দ্ৰ সিং ধোনী। তেওঁৰ বাবেই এই উন্মাদনা।

মেচখন যে লক্ষ্ণৌ বনাম চেন্নাই, সেই কথাটো অলপ সময়ৰ বাবে হ’লেও পাহৰি যাব লাগিব। অনুৰাগীক বিমুখ নকৰিলে বাহুবলী মহেন্দ্ৰই। তেওঁ ৯টা বলত অপৰাজিত ২৮ ৰান সংগ্ৰহ কৰি দেখুৱাই দিলে যে ‘ফিনিছাৰ’জন এতিয়াও ‘ফিনিছ’ হোৱা নাই। কিন্তু অৱশেষত কে এল ৰাহুল আৰু ডি ককৰ বেটিং বিক্ৰমৰ বাবে চেন্নাই ৮ উইকেটত পৰাস্ত হয়।

লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। দ্বিতীয় অভাৰতে মহছিন খানে উইকেট লয়। তেওঁ ৰচিন ৰবীন্দ্ৰক (০)বোল্ড কৰি পেভিলিয়নলৈ পঠিয়াই দিয়ে। চেন্নাইৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে (১৭) এতিয়াও আই পি এলত নিজৰ ফৰ্ম বিচাৰি আছে। ৰুতুৰাজ বৰ সোনকালেই পেভলিয়নলৈ উভতিল।

ইয়াৰ পৰাই দলটোক নেতৃত্ব দিয়ে অজিংক ৰাহানে (৩৬)। শুকুৰবাৰৰ দিনটোত ৰবীন্দ্ৰ জাডেজা (৫৭)ক বেটিং কৰিবলৈ বহু ওপৰত পঠিওৱা হয়। তেওঁৱেই বেটেৰে চেন্নাইৰ ডাঙৰ ৰানৰ ভেটি গঢ়িছিল। তাৰ তুলনাত শিৱম ডুবে মাত্ৰ ৩ ৰান কৰি উভতি যায়। এইটো তেওঁৰ শেহতীয়া ফৰ্মৰ সৈতে একেবাৰেই মিল নাই। মইন আলীয়ে (৩০) সুযোগ পাই নিজকে প্ৰমাণ কৰিলে।

 

কিন্তু আচল যাদু তেতিয়াও বাকী আছিল। যাৰ বাবে অপেক্ষা কৰি আছিল লক্ষ্ণৌৰ সমৰ্থক। কেৱল তেওঁলোকেই নহয়, সকলো ক্ৰিকেট অনুৰাগীয়ে সেই লিজেণ্ড ধোনীক চাবলৈ অপেক্ষা কৰি আছিল। মাত্ৰ ৯টা বলত তেওঁৰ ২৮ ৰানৰ ইনিংছ দেখা পোৱাটোৱে সাৰ্থক বুলি ক’ব পাৰি। সকলোৰে মন জুৰ পৰিল। তেওঁ ৩টা চাৰি আৰু ২টা ছয় মাৰে। চেন্নাইৰ স্ক’ৰব’ৰ্ডত ১৭৬ ৰান উঠে।

কিন্তু চেন্নাইৰ বলাৰসকলে সেই ৰানৰ পুঁজি লৈ মেচখন বচাব নোৱাৰিলে। দীপক চাহাৰ, তুষাৰ দেশপাণ্ডে, মুস্তাফিজুৰে উইকেটো ল’ব নোৱাৰিলে বা ৰান ৰেটো স্তব্ধ কৰিব নোৱাৰিলে। লক্ষ্ণৌৰ দুই অ’পেনাৰ কে এল ৰাহুল আৰু ডি ককৰ সন্মুখত একেবাৰে তেওঁলোকে তিষ্ঠিব নোৱাৰিলে। লক্ষ্ণৌ তাৰকা দুগৰাকীয়ে খেলপথাৰৰ চাৰিওফালে চাৰি-ছয় মাৰি স্ক’ৰব’ৰ্ড সুচল কৰি ৰাখিলে।

তেওঁলোকৰ প্ৰথমটো উইকেট ১৩৪ ৰানত পৰে। তেতিয়ালৈকে মেচখন প্ৰায় চেন্নাইৰ হাতৰ পৰা ওলাই গৈছিল। ডি ককে পুনৰ ৫৪ ৰান সংগ্ৰহ কৰিলে যদিও ৰাহুলক ঘূৰাই পঠিওৱাটো প্ৰায় অসম্ভৱ যেন লাগিল। লক্ষ্ণৌৰ অধিনায়কগৰাকীয়ে যেতিয়া পাথিৰানাৰ বলত ব্যক্তিগত ৮২ ৰান কৰি উভতি আহে, তেতিয়া জয়ী হ’বলৈ বাকী আছিল মাত্ৰ ১৬ ৰান। পুৰাণ আৰু ষ্টয়নিছে বাকী কাম সম্পূৰ্ণ কৰিলে। লক্ষ্ণৌৱে ৮ উইকেটত জয়লাভ কৰে। একেৰাহে তিনিখন মেচত জয়ী হোৱাৰ সপোন পূৰণ নহ’ল ৰুতুৰাজৰ চি এছ কেৰ।

চেন্নাই মেচখনৰ পূৰ্বে সমগ্ৰ লক্ষ্ণৌ চহৰত কেইবাখনো অদ্ভুত হৰ্ডিং দেখা গৈছিল। য’ত লিখা আছিল, “আমি বিচাৰো ধোনীয়ে ভাল খেলক। কিন্তু এল এছ জিয়ে যাতে মেচখনত জয়ী হয়।’ খেলখনত দুয়োটো ইচ্ছাই পূৰণ হৈছিল। ধোনীৰ বিক্ৰমো দেখা গ’ল, লক্ষ্ণৌৰ জয়ো নিশ্চিত হ’ল।

সংক্ষিপ্ত স্কোৰঃ

চেন্নাই ছুপাৰ কিংছঃ ১৭৬/৬ (জাদেজা ৫৭, ধোনী ২৮, ক্ৰুনাল ১৬/২)

লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ ১৮০/২ (ৰাহুল ৮২, ডি কক ৫৪, পাথিৰানা ২৯/১)

৮ উইকেটত জয়লাভ কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে।