NORTHEAST NOW (Assamese)
অসম

WHOৰ কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰ আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 22, 2020 6:04 pm

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষ হিচাপে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

ডাঃ বৰ্ষবৰ্ধনে জাপানৰ ডাঃ হিৰোকি নাকাটানিৰ স্থলাভিষিক্ত হ’ব।

ইয়াৰ পূ্ৰ্বে চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী ব’ৰ্ডৰ সদস্য হিচাপে বিশ্বৰ অন্য ৯ খন ৰাষ্ট্ৰৰ সৈতে নিৰ্বাচিত হৈছিল।

ভাৰতক অহা তিনি বছৰলৈ কাৰ্যবাহী পৰিষদলৈ নিৰ্বাচিত কৰাৰ বাবে WHOৰ দক্ষিণ-পূব গোটে যোৱা বছৰতে সিদ্ধান্ত লৈছিল।

আজি অনুষ্ঠিত হোৱা কাৰ্যবাহী পৰিষদৰ বৈঠকত হৰ্ষবৰ্ধনে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদটো এবছৰৰ মূৰে মূৰে সলনি হৈ থাকে।

৩৪ জনীয়া সদস্যৰে গঠিত কাৰ্যবাহী পৰিষদ। এই পৰিষদৰ আটাইবোৰ সদস্য স্বাস্থ্যখণ্ডৰ পৰা অহা। পৰিষদখনে সাধাৰণতে বছৰত দুবাৰকৈ বৈঠকত মিলিত হয়।