NORTHEAST NOW (Assamese)
অসম

গলৱানৰ চহিদৰ নামত উৎসৰ্গিত ভাৰতৰ সৰ্ববৃহৎ কোভিড-১৯ চিকিৎসা কেন্দ্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 4, 2020 10:59 am

দিল্লীত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ কোভিড-১৯ চিকিৎসা কেন্দ্ৰক লাডাখৰ গলৱান উপত্যকাত চহিদ হোৱা বীৰ জোৱান সকলৰ নামৰ উৎসৰ্গিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ডি আৰ ডি অ’ই।

ডি আৰ ডি অ’ৰ প্ৰযুক্তি বিভাগৰ উপদেষ্টাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়।

দিল্লীৰ চত্তৰপুৰত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ কোভিড-১৯ চিকিৎসা কেন্দ্ৰত ১০,০০০ বিছনাৰ সুবিধা উপলব্ধ আছে।

ইণ্ডো-তীব্বত সীমান্ত আৰক্ষী বলৰ চিকিৎসক সকলেও এই কেন্দ্ৰটোত কোভিড-১৯ আক্ৰান্ত ৰোগী সকলক চিকিৎসা আগবঢ়াইছে।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত পূব লাডাখ সীমান্তত উত্তেজনা চলি থকাৰ সময়তে বিগত ১৫ জুনত গলৱান উপত্যকাত চীনা সেনাৰ পৰিকল্পিত আক্ৰমণত ২০ গৰাকীকৈ ভাৰতীয় সেনা জোৱান চহিদ হৈছিল।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু সেনা প্ৰধানেও লাডাখৰ চিকিৎসালয়ত উপস্থিত হৈ আঘাতপ্ৰাপ্ত সেনা জোৱান সকলৰ স্বাস্থ্যৰ বুজ লৈ সেনাৰ মনোবল বৃদ্ধি কৰিছে।