NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়ান অ’পেনত বিশ্বৰ ২৭ নম্বৰক পৰাস্ত কৰি ইতিহাস ৰচিলে ভাৰতৰ সুমিত নাগালে

January 16, 2024 4:45 pm · এন ই নাও নিউজ, গুৱাহাটী
সুমিত নাগাল। ফটোঃ সংগ্ৰহীত।

অষ্ট্ৰেলিয়ান অ’পেনত ঘটিল ডাঙৰ অঘটন। বিশ্বৰ ২৭ নম্বৰ ৰেংকিং প্ৰাপ্ত টেনিছ তাৰকাক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতৰ সুমিত নাগালে। ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে অষ্ট্ৰেলিয়ান অ’পেনৰ প্ৰথম ৰাউণ্ডত আলেকজেণ্ডাৰ বুবলিকক পৰাস্ত কৰি টেনিছ জগতখনক স্তম্ভিত কৰি তুলিছে।

৩৫ বছৰৰ ভিতৰত গ্ৰেণ্ডশ্লেমত ৰেংকিং টেনিছ তাৰকাক পৰাস্ত কৰা প্ৰথমজন ভাৰতীয় হিচাপে সুমিতে ইতিহাস ৰচনা কৰে। শেষবাৰৰ বাবে ১৯৮৯ চনত ৰমেশ কৃষ্ণনে বিশ্বৰ এক নম্বৰ আৰু অষ্ট্ৰেলিয়ান অ’পেন চেম্পিয়ন মেটছ উইলাণ্ডাৰক পৰাস্ত কৰিছিল।

লগতে পঢ়কঃ WHOৰ মতে কৰোনাতকৈও অধিক ভয়ংকৰ! ২০ গুণ বেছি মানুহ মাৰিব X ভাইৰাছে

প্ৰতিযোগিতাখনৰ ৩১ নম্বৰ বাছনিত থকা খেলুৱৈক ২ ঘণ্টা ৩৮ মিনিটৰ যুঁজত ষ্ট্ৰেইট ছেটত পৰাস্ত কৰে সুমিতে। খেলখনৰ ফলাফল আছিল ৬-৪, ৬-২, ৭-৬। নাগালে কোৱালিফাইং ৰাউণ্ডত জয়লাভ কৰি মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰে।

এইবাৰ তেওঁ প্ৰথম বিশ্ব ৰেংকিঙত শীৰ্ষ ৫০ ৰ ভিতৰত থকা টেনিছ তাৰকাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে তেওঁ দ্বিতীয়বাৰৰ বাবে গ্ৰেণ্ডশ্লেমৰ প্ৰথম ৰাউণ্ডৰ বাধা অতিক্ৰম কৰে।

২০২০ চনৰ ইউ এছ অ’পেনত প্ৰথম ৰাউণ্ডৰ বাধা অতিক্ৰম কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কেইবাটাও উল্লেখযোগ্য বিজয় লাভ কৰিছে। কিন্তু এইটো সৰ্বোত্তম। কেৰিয়াৰৰ আৰম্ভণিতে ২৬ বছৰীয়া ভাৰতীয় টেনিছ খেলুৱৈগৰাকীৰ বাবে এক ডাঙৰ মাইলৰ খুঁটি।

সুমিত নাগালৰ এই জয় ভাৰতীয় টেনিছৰ ইতিহাসত সোণালী আখৰেৰে লিখা ৰ’ব। ই ভাৰতীয় টেনিছত নতুন দিগন্ত মুকলি কৰিব পাৰে। 

Related News