NORTHEAST NOW (Assamese)

এন্টাৰকৰ্টিকাত মুকলি হ’ল ভাৰতত তৃতীয়টো ডাকঘৰ : জনশূন্য দেশত বৰফৰ মাজৰ পৰা চিঠি লিখিলে ভাৰতীয় বিজ্ঞানীয়ে

April 16, 2024 8:35 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 16, 2024 7:40 am

ছ’চিয়েল মিডিয়াৰ যুগত চিঠি লিখাৰ পৰম্পৰা নোহোৱা হ’ল। কিন্তু বিজ্ঞানীসকলে এতিয়াও প্ৰায় নিৰ্জন বৰফেৰে আবৃত এন্টাৰ্কটিকাত চিঠি লিখাত বিশ্বাস কৰে। তেওঁলোকৰ মতে চিঠিবোৰ আজীৱন স্মৃতি হিচাপে থাকে। আৰু সেই ধাৰণাটোক সন্মান জনাই ভাৰতীয় ডাকঘৰৰ তৃতীয় শাখাটো এন্টাৰ্কটিকাত মুকলি কৰা হয়।

যোৱা ৫ এপ্ৰিলত ৰাষ্ট্ৰীয় মেৰু আৰু মহাসাগৰীয় গৱেষণা কেন্দ্ৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাৰাষ্ট্ৰ চক্ৰৰ মুখ্য ডাক মাষ্টাৰ জেনেৰেল কে কে শৰ্মাই এই নতুন ডাকঘৰটো উদ্বোধন কৰে। এন্টাৰ্কটিকাৰ এই নতুন ডাকঘৰৰ নাম দিয়া হৈছে ‘গংগোত্ৰী’। ইয়াৰ পিনকোড ‘MH 1718’ হিচাপে ৰখা হয়।

মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় ৫০ৰ পৰা ১০০জন বিজ্ঞানীয়ে জনবসতিহীন বৰফেৰে আবৃত এন্টাৰ্কটিকাত গৱেষণা কৰিছিল। এন্টাৰ্কটিকা অপাৰেচনৰ গ্ৰুপ ডাইৰেক্টৰ শৈলেন্দ্ৰ ছাইনীয়ে কয় যে আমাৰ বিজ্ঞানীসকল ছ’চিয়েল মিডিয়াৰ সৈতে সংযুক্ত, তথাপিও তেওঁলোকে চিঠিৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগাযোগত থকাটো পছন্দ কৰে। গতিকে তেওঁলোকে এই তৃতীয় ডাকঘৰৰ জৰিয়তে বছৰত এবাৰকৈ সকলো চিঠি সংগ্ৰহ কৰি গোৱাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিব বিচাৰে। এই কাৰ্যালয়লৈ চিঠি আহিলে বিজ্ঞানীসকলৰ পৰিয়াললৈ চিঠি প্ৰেৰণ কৰা হ’ব।

১৯৮৪ চনত এন্টাৰ্কটিকাত প্ৰথমটো ডাকঘৰ মুকলি কৰা হয়। ইয়াৰ নাম ‘দক্ষিণ গংগোত্ৰী’। এই ডাকঘৰত এবছৰত প্ৰায় ১০ হাজাৰ আদান প্ৰদান হৈছিল। কিন্তু দক্ষিণ গংগোত্ৰী জাহাজখন বৰফত ডুব যোৱাৰ পিছত ১৯৮৮-৮৯ চনত এই ডাকঘৰ বন্ধ কৰি দিয়া হৈছিল। ১৯৯০ চনত এন্টাৰ্কটিকাত দ্বিতীয়টো ডাকঘৰৰ শাখা ‘মৈত্ৰী’ মুকলি কৰা হয়।

Related News