NORTHEAST NOW (Assamese)
অসম

বিগত ২৪ ঘণ্টাত দেশত ৮৯,৭০৬ গৰাকী ক’ৰ’না আক্ৰান্ত; মুঠ আক্ৰান্তৰ সংখ্যা ৪৩ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 10:45 am

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৮৯,৭০৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

মঙলবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৮৯,৭০৬ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪৩,৭০,১২৮ গৰাকীলৈ বৃদ্ধি পাইছে।

দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা মঙলবাৰে এই কথা প্ৰকাশ কৰে।

আনহাতে, ভাৰতত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩,৮৯০ গৰাকীলৈ বৃদ্ধি পাইছে।

এতিয়ালৈ ক’ৰ’না আক্ৰান্ত হোৱা মুঠ ৪৩,৭০,১২৮ গৰাকী লোকৰ ভিতৰত ৩৩,৯৮,৮৪৪ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছে।

বৰ্তমান দেশৰ বিভিন্ন চিকিৎসালয়ত আৰু হোম আইছ’লেশ্যনত ৮,৯৭,৩৯৪ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

উল্লেখযোগ্য যে, ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যাৰ ফালৰ পৰা ভাৰত বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে দ্বিতীয় স্থানত আছে।

প্ৰথম স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।