বিপদত IndiGo! পৰিসেৱা বিপৰ্যয়ৰ বাবে বিমান সংস্থাটোক প্ৰায় ২২ কোটি টকা জৰিমনা DGCA-ৰ
বিপদত পৰিছে ইণ্ডিগো। ডিচেম্বৰ মাহত পৰিসেৱা বিঘ্নিত হোৱাৰ বাবে বিমান সংস্থাটোক ২২.২০ কোটি টকাৰ জৰিমনা বিহিছে বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএই। সূত্ৰ অনুসৰি একাংশ উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
জানিব পৰা মতে, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিব নোৱাৰাৰ বাবে কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াক সকীয়াই দিয়া হৈছে। একে সময়তে শীতকালীন সময়সূচী আৰু বিভিন্ন নিয়মৰ মূল্যায়নত ব্যৰ্থ হোৱা কোম্পানীটোৰ চি অ’ অ’কো সকীয়াই দিছে ডি জি চি এয়ে।
ইণ্ডিগ’ৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেন্ট (অপাৰেচন)ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সূত্ৰ অনুসৰি তেওঁক পদৰ পৰা অপসাৰণ কৰা হৈছে।
কেৱল সেয়াই নহয়, ভৱিষ্যতে তেওঁক কোনো গুৰুত্বপূৰ্ণ পদত নিযুক্তি নিদিবলৈও নিৰ্দেশ দিছে বিমান নিয়ন্ত্ৰকসংস্থাটোৱে। আনহাতে, ডিজিচিএই নতুন ISRAS আঁচনিৰ অধীনত ইণ্ডিগ’ক ৫০ কোটি টকাৰ ছিকিউৰিটি ডিপ’জিট ৰাখিবলৈ কৈছে।
উল্লেখ্য যে যোৱা ডিচেম্বৰৰ আৰম্ভণিতে সমগ্ৰ দেশতে ইণ্ডিগ’ৰ বিমান সেৱা ব্যাহত হৈছিল। এই বিপত্তি এসপ্তাহতকৈও অধিক সময় ধৰি চলিছিল। চৰম কষ্টৰ সন্মুখীন হয় হাজাৰ হাজাৰ যাত্ৰী। এই ঘটনাৰ তদন্তৰ বাবে ডিজিচিএই চাৰিজনীয়া তদন্ত সমিতি গঠন কৰিছিল।
জানিব পৰা মতে, প্ৰতিবেদনত ইণ্ডিগ’ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়েও ইণ্ডিগ’ক বৃহৎ জৰিমনা বিহাৰ লগতে সেৱা আংশিকভাৱে বন্ধ কৰি দিয়ে। এনে পৰিস্থিতিৰ মাজতে নতুন বছৰৰ আৰম্ভণিতে ইণ্ডিগ’ৰ বিৰুদ্ধে বৃহৎ জৰিমনা বিহিলে ডিজিচিএই।