NORTHEAST NOW (Assamese)
দেশ

চলন্ত ইণ্ডিগ’ বিমানত চাঞ্চল্য: যাত্ৰীয়ে কৰিলে ব’ম কঢ়িয়াই নিয়াৰ দাবী, পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 22, 2022 8:50 pm
bomb threat in IndiGo flight

যোৱা কিছুদিন ধৰি দেশৰ অগ্ৰণী বিমান পৰিবহন সংস্থা ইণ্ডিগ’ক লগ নেৰা হৈছে বিপদে। কাৰিকৰী বিজুতিৰ বাবে শেহতীয়াকৈ ইণ্ডিগ’ৰ কেইখনমান বিমানে গন্তব্যস্থানত উপনীত হোৱাৰ পূৰ্বেই জৰুৰীকালীনভাৱে অৱতৰণ কৰিবলগীয়া হৈছিল আন কোনো বিমানবন্দৰত।

বৃহস্পতিবাৰে পুনৰ এনেদৰে জৰুৰী অৱতৰণ কৰিবলগীয়া হৈছে এখন ইণ্ডিগ’ বিমানে। দিল্লী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানে বিমানত হোৱা এক উদ্বেগজনক ঘটনাৰ বাবে পাটনা বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।

ইণ্ডিগ’ৰ 6E 2126 বিমানখন দিল্লীলৈ গৈ থকাৰ সময়তে বিমানত থকা এজন যাত্ৰীয়ে যাত্ৰাপথতে তেওঁৰ বেগত বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰে।

যাত্ৰীগৰাকীৰ এনে চাঞ্চল্যকৰ দাবীৰ পাছতে বিমানখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বিমানত থকা যাত্ৰীৰ লগতে বিমান পৰিচালক সকল এই আশ্চৰ্যকৰ দাবীত হতবাক হৈ পৰে।

এনে পৰিস্থিতিত পাইলটে বিমানখন পাটনা বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানখন বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত থকা বোমা স্কোৱাড আৰু আৰক্ষীয়ে লগে লগে বিমানখনত তালাচী চলায়।

বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰা ব্যক্তিজনৰ বেগসমূহ পৰীক্ষা কৰাৰ পাছতো কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰীৰ সন্ধান পোৱা নগ’ল।

স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আৰক্ষীয়ে ইতিমধ্যে যাত্ৰীগৰাকীক বিমানবন্দৰতে আটক কৰিছে। ধৃত যাত্ৰীজনক ঋষি চান্দ সিং বুলি চিনাক্ত কৰা হৈছে।

আনহাতে বিমানবন্দৰৰ নিৰাপত্তা বিষয়াসকলে ধৃত যাত্ৰীগৰাকী মানসিকভাৱে সুস্থ নহয় বুলি দাবী কৰিছে।