NORTHEAST NOW (Assamese)

ইৰানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ আগে আগে ৰক্ষা পৰিল ইণ্ডিগ’ৰ বিমান: কেনেকৈ দিল্লীত সুৰক্ষিতভাৱে অৱতৰণ কৰিলে এই যাত্ৰীবাহী বিমানে?

January 15, 2026 4:31 pm · এন ই নাও নিউজ, গুৱাহাটী

ইৰানত বৰ্তমান পৰিস্থিতি অতিশয় জটিল হৈ পৰিছে আৰু দেশখনে নিজৰ আকাশমাৰ্গ সাময়িকভাৱে বন্ধ কৰি দিছে। ইৰানৰ এই সিদ্ধান্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো বিমানৰ চলাচল ব্যাহত হৈ পৰিছে। বুধবাৰে মাজনিশাৰ ফালে প্ৰথমে প্ৰায় দুঘণ্টাৰ বাবে আকাশমাৰ্গ বন্ধ কৰা হৈছিল যদিও পিছলৈ এই সময়সীমা আৰু বৃদ্ধি কৰা হয়।

অৱশ্যে যিবোৰ আন্তঃৰাষ্ট্ৰীয় বিমানৰ ইৰানত যাতায়াতৰ বাবে বিশেষ অনুমতি আছে, কেৱল সেইবোৰকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ইৰান চৰকাৰে কিয় হঠাৎ আকাশমাৰ্গ বন্ধ কৰিলে তাৰ কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া নাই যদিও আমেৰিকাৰ আক্ৰমণৰ আশংকাত এই পদক্ষেপ লোৱা বুলি চৰ্চা চলিছে। কেৱল অতি জৰুৰী বিমানসমূহকহে বিশেষ অনুমতি সাপেক্ষে উৰিবলৈ দিয়া হৈছে।

এই সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে এটা বিমানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জৰ্জিয়াৰ তিবিলিচিৰ পৰা দিল্লী অভিমুখে অহা ইণ্ডিগ’ৰ এখন বিমান ইৰানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ ঠিক আগমুহূৰ্ততে অতি সুৰক্ষিতভাৱে সেই সীমা পাৰ হ’বলৈ সক্ষম হয়।

বুধবাৰে নিশা তিবিলিচিৰ পৰা উৰা মৰা ইণ্ডিগ’ৰ ৬ই১৮০৮ নম্বৰৰ ফ্লাইটখন বৃহস্পতিবাৰে নিশা প্ৰায় আঢ়ৈ বজাত ইৰানৰ ওপৰেৰে পাৰ হৈ আহে আৰু পুৱা ৭ বাজি ৩ মিনিটত দিল্লীত অৱতৰণ কৰে। ধাৰণা কৰা হৈছে যে ইৰানৰ বিমান চলাচল কৰ্তৃপক্ষই জাননী জাৰি কৰি আকাশমাৰ্গ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আগতে এইখনেই আছিল আকাশত উৰি থকা শেষৰখন অ-ইৰানী বাণিজ্যিক বিমান।

ইৰানৰ আকাশমাৰ্গ হঠাত বন্ধ হৈ যোৱাৰ ফলত ভাৰতীয় বিমান সংস্থাসমূহৰ আন্তঃৰাষ্ট্ৰীয় সেৱাতো ব্যাপক প্ৰভাৱ পৰিছে। এয়াৰ ইণ্ডিয়াই ইতিমধ্যে এক বিবৃতিৰ জৰিয়তে জনাইছে যে ইৰানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ বাবে তেওঁলোকৰ বিমানসমূহে এতিয়া বৈকল্পিক পথেৰে চলাচল কৰিব লগা হৈছে। ইয়াৰ ফলত বিমানসমূহ গন্তব্য স্থানত উপনীত হ’বলৈ কিছু পলম হ’ব পাৰে বুলি যাত্ৰীসকলক আগতীয়াকৈ অৱগত কৰা হৈছে।

যিবোৰ বিমানৰ বাবে কোনো বৈকল্পিক পথৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই, সেইসমূহ আপাতত বাতিল কৰা হৈছে। ইণ্ডিগ’ আৰু স্পাইচজেটেও অনুৰূপ বিবৃতি দি জনাইছে যে ইৰানৰ এই পৰিস্থিতিৰ বাবে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা প্ৰভাৱিত হ’ব পাৰে।

আনহাতে আমেৰিকাৰ পৰা হ’ব পৰা চাইবাৰ আক্ৰমণৰ আশংকাত ইৰানৰ চৰকাৰী কাৰ্যালয়সমূহৰ ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত দেশখনত অসামৰিক বিমান চলাচলত অধিক বাধাৰ সৃষ্টি হৈছে। ইফালে ইৰানত থকা ভাৰতীয় দূতাৱাসে তাত থকা ভাৰতীয় নাগৰিকসকলক অতি সোনকালে দেশখন ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। নাগৰিকসকলক নিজৰ জৰুৰী নথিপত্ৰসমূহ হাতৰ ওচৰত ৰাখিবলৈ কোৱা হৈছে। যিকোনো জৰুৰী পৰিস্থিতিৰ বাবে তেহৰানত থকা ভাৰতীয় দূতাৱাসে বিশেষ হেল্পলাইন নম্বৰ আৰু ইমেইল ঠিকনাও মুকলি কৰিছে যাতে ভাৰতীয়সকলে সহায় বিচাৰিব পাৰে।

Related News