NORTHEAST NOW (Assamese)

ভাৰত-নেপালৰ মাজৰ নিৰ্মীয়মান ৰেলপথে শক্তিশালী কৰিব দ্বিপাক্ষিক সম্পৰ্ক

December 18, 2018 8:44 pm · এন ই নাও নিউজ

নেপালৰ জনকপুৰ আৰু বিহাৰৰ জয়নগৰৰ মাজৰ ৩৪ কিঃমিঃ দূৰত্বত এটা নতুন ৰেলপথ বহুওৱাৰ কাম আৰম্ভ কৰিছে ভাৰতীয় ৰে’লৱেই।

কেন্দ্ৰীয় ৰে’ল আৰু কয়লা মন্ত্ৰী পীয়ুষ গোৱেলে এই দুই স্থানৰ মাজত বহুৱাই থকা ৰে’লপথৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ আশা প্ৰকাশ কৰিছে যে এই ৰে’লপথচোৱাই কেবল ব্যৱসায় বাণিজ্যকেই ত্বৰান্বিত নকৰে, দুয়োখন চুবুৰীয়া ৰাষ্ট্ৰ মাজত দ্বিপাক্ষিক সম্পৰ্কও উন্নীত কৰিব।

যোৱাকালি সোমবাৰে এটা টুইটযোগে গোৱেলে প্ৰকাশ কৰিছে, ‘‘৩৪ কিঃমিঃ দৈৰ্ঘৰ জনকপুৰ-জয়নগৰ ৰে’লপথচোৱা নিৰ্মাণ হোৱাৰ লগে লগে নেপালে প্ৰথমবাৰৰ বাবে এটা সৰ্বাধুনিক ৰে’লপথ লাভ কৰিব।’’

জনকপুৰ-জয়নগৰ ৰেলপথচোৱাই অধিক বাণিজ্য আৰু তীৰ্থযাত্ৰীৰ আশা বঢ়াই তুলিছে। উল্লেখ্য যে জইণ্ট ৱৰ্কিং গ্ৰুপৰ তৃতীয়খন বৈঠকত ভাৰত আৰু নেপালৰ বিষয়াসকলে সীমান্তৰ সিপাৰৰ এই ৰেলপথচোৱাৰ কাম-কাজৰ অগ্ৰগতিৰল বুজ লৈছিল।

পুনৰীক্ষণ বৈঠকখনৰ পাৰছত ভাৰতীয় দূতাৱাসে এটা বিবৃতি প্ৰকাশ কৰি জয়ানগৰ-বিজালপুৰা—বৰ্দিবাস আৰু জোগবনী-বিৰাটনগৰ ৰে’ল সংযোগ প্ৰকল্পৰ প্ৰশংসা কৰিছিল।

দুয়ো পক্ষই জয়নগৰৰ পৰা জনকপুৰ/কুৰথা আৰু জোগবানীলৈকে ৰে২লগাড়ী চলাচল কৰোৱাৰ সন্দৰ্ভত বিতং আলোচনা কৰিছিল।। উল্লেখ্য যে এই ৰে’লপথচোৱা চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল।

Related News