NORTHEAST NOW (Assamese)

সন্মুখত ৰমজান মাহ! ভাৰতৰ পৰা ১ লাখ টন ম’হৰ মাংস আমদানিৰ বাবে সাজু ইণ্ডোনেছিয়া

February 9, 2025 3:31 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 9, 2025 3:36 pm

ইণ্ডোনেছিয়াই ভাৰতৰ পৰা এক লাখ টন মহৰ মাংস আমদানি কৰি পবিত্ৰ ৰমজান মাহৰ পূৰ্বে পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে। বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশখনত চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ১ বা ২ মাৰ্চৰ পৰা আৰম্ভ হব ৰমজান মাহৰ।

যোৱা বুধবাৰে (৬ ফেব্ৰুৱাৰী) ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খাদ্য সংস্থাই এই ঘোষণা কৰে। সংগঠনটোৰ মুখ্য বিষয়া আৰিফ প্ৰয়াসেতোয়ে কয় যে, ঈদ-উল-ফিতৰ উদযাপনৰ সময়ত মাংসৰ দাম সুস্থিৰ কৰাৰ বাবে আৰু পৰ্যাপ্ত যোগান নিশ্চিত কৰিবলৈ মূলতঃ মহৰ মাংস আমদানি কৰাৰ পৰিকল্পনা কৰা হৈছে।

তেওঁ কয় যে এই মাংস ভাৰতৰ পৰা আমদানি কৰা হব। আৰু ইণ্ডোনেছিয়াত পাবলৈ প্ৰায় এমাহ সময় লাগিব। অৱশ্যে স্থানীয় কৃষক আৰু পশুপালকৰ উদ্বেগক মনত ৰাখি এই আমদানি পৰিকল্পনা আগুৱাই নিয়া হব বুলিও তেওঁ কয়। তেওঁ কয় যে আমদানিৰ বিষয়টো আমাৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ। ইয়াৰ ফলত ইণ্ডোনেছিয়াৰ স্থানীয় কৃষকৰ কোনো ক্ষতি নহয়।

Related News