NORTHEAST NOW (Assamese)
দেশ

ভাৰতৰ পৰা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ কিনিব ইণ্ডোনেছিয়াই : ৩২০০ কোটি টকাৰ বৃহৎ চুক্তি স্বাক্ষৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2026 8:07 pm

ভাৰতৰ পৰা অত্যাধুনিক ব্ৰাহ্মছ  ক্ষেপণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে ইণ্ডোনেছিয়াই এক গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন কৰিছে। সোমবাৰে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰিকো ৰিকাৰ্ডো চিৰাইতে এই তথ্য ৰাজহুৱা কৰিছে। ভাৰত আৰু ৰাছিয়াৰ যুটীয়া উদ্যোগত নিৰ্মিত এই শক্তিশালী ক্ষেপণাস্ত্ৰৰ বাবে প্ৰায় ৩২০০ কোটি টকাৰ লেনদেন হ’ব বুলি ধাৰণা কৰা হৈছে। ইণ্ডোনেছিয়াৰ নৌবাহিনীক অধিক শক্তিশালী আৰু আধুনিক কৰি তোলাৰ লক্ষ্যৰেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ফিলিপাইনছেও ভাৰতৰ সৈতে এনে ধৰণৰ চুক্তি কৰিছিল।

ব্ৰাহ্মছ ক বৰ্তমান বিশ্বৰ অন্যতম দ্ৰুত আৰু উন্নত চুপাৰচনিক ক্ৰুজ ক্ষেপণাস্ত্ৰ হিচাপে গণ্য কৰা হয়। ভাৰতৰ ডিআৰডিঅ’ আৰু ৰাছিয়াৰ এনপিঅ’ মাচিনোষ্ট্ৰয়েনিয়াৰ যুটীয়া প্ৰচেষ্টাত এই ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰা হৈছে। ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু ৰাছিয়াৰ মস্কোভা নদীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। এই ক্ষেপণাস্ত্ৰই শব্দতকৈ প্ৰায় তিনি গুণ অধিক বেগত লক্ষ্যস্থানত আঘাত হানিব পাৰে। ইয়াৰ গতি ইমান প্ৰবল যে যিকোনো আকাশী প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে ইয়াক ৰখাই দিয়াটো প্ৰায় অসম্ভৱ।

এই ক্ষেপণাস্ত্ৰৰ বিশেষত্ব এয়ে যে ইয়াক স্থলভাগ, সাগৰ আৰু আকাশী মাৰ্গৰ পৰাও নিক্ষেপ কৰিব পাৰি। ফায়াৰ এণ্ড ফৰগেট নীতিত কাম কৰা এই ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত অতি নিখুঁতভাৱে আঘাত হানিবলৈ সক্ষম। ব্ৰহ্মোছে সাগৰৰ পানীৰ একেবাৰে ওচৰেদি বা আকাশৰ ১৫ কিলোমিটাৰ উচ্চতা পৰ্যন্ত উৰি যাব পাৰে। বৰ্তমান ২৯০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যভেদী এই ক্ষেপণাস্ত্ৰৰ পৰিসৰ ভৱিষ্যতে ৮০০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে।

ভাৰতে বৰ্তমান এই ক্ষেপণাস্ত্ৰৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কৰণ অৰ্থাৎ ব্ৰাহ্মছ -এনজিৰ কাম চলাই আছে। এই নতুন সংস্কৰণটো তেজছৰ দৰে যুদ্ধবিমানত ব্যৱহাৰ কৰিব পৰাকৈ অধিক পাতল আৰু সৰু হ’ব। ইয়াৰ উপৰিও ব্ৰাহ্মছ -২ নামৰ এক হাইপাৰচনিক ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰাৰ পৰিকল্পনাও কৰা হৈছে, যাৰ গতিবেগ অবিশ্বাস্য ধৰণৰ হ’ব। প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ এই অগ্ৰগতিয়ে বিশ্ব দৰবাৰত দেশখনৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে ইণ্ডোনেছিয়াৰ সৈতে হোৱা এই চুক্তিয়ে দক্ষিণ-পূব এছিয়াত ভাৰতৰ গুৰুত্ব আৰু বৃদ্ধি কৰিব।