NORTHEAST NOW (Assamese)

নিৰুদ্দেশ হৈ আছিল ৪৫ বছৰীয়া মহিলা : প্ৰকাণ্ড অজগৰৰ পেটত গটে গোটে উদ্ধাৰ হ’ল মৃতদেহ

June 10, 2024 7:52 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: June 10, 2024 8:12 pm

যোৱা ৭ জুনত মধ্য ইণ্ডোনেছিয়াত এটা প্ৰকাণ্ড অজগৰৰ পেটত উদ্ধাৰ হয় ফৰিদা নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ।

মহিলাগৰাকী স্বামী আৰু কালেম্পাং গাঁৱৰ বাসিন্দাসকলে সাপটোৰ পেটৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।

৬ জুনৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছিল ফৰিদা নামৰ মহিলাগৰাকী। ফলত তেওঁৰ স্বামী আৰু স্থানীয় লোকে তেওঁক বিচাৰিবলৈ বাধ্য হয়।

গাঁৱৰ মুৰব্বী ছুৱাৰ্দি ৰ’ছিৰ মতে, মহিলাগৰাকীৰ স্বামী আৰু চুবুৰীয়াই সেই চুবুৰীতে এটা প্ৰকাণ্ড অজগৰ প্ৰত্যক্ষ কৰে। লক্ষ্যনীয়ভাবে অস্বাভাৱিক হাৰত অজগৰটোৰ পেটটো ফুলি আছিল।

গাঁৱৰ মানুহৰ সন্দেহ হোৱাত অজগৰটো পেটটো ফালি দিয়ে আৰু অজগৰটোৰ পেটতে উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ।

উল্লেখ্য যে এনে ঘটনা বিৰল যদিও ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াত এনেকুৱা কেইবাটাও ঘটনা সংঘটিত হৈছে।

যোৱা বছৰ টিনাংগেয়া জিলাতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল, য’ত আঠ মিটাৰ দৈৰ্ঘ্যৰ এটা অজগৰে এজন কৃষকক ভক্ষণ কৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল। ২০১৮ চনত দক্ষিণ-পূব চুলাৱেছিৰ মুনা চহৰত সাত মিটাৰ দৈৰ্ঘ্যৰ এটা অজগৰৰ পেটত এগৰাকী ৫৪ বছৰীয়া মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

Related News