NORTHEAST NOW (Assamese)
অসম

খুছৱন্ত সিং সাহিত্য উৎসৱত শ্বীনা বৰা হত্যাৰ অভিযুক্ত ইন্দ্ৰানীৰ নৃত্য! ভিডিঅ’ দেখি কি প্ৰতিক্ৰিয়া নেটিজেনৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2024 3:31 pm

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। একে সময়তে মূল অভিযুক্ত ইন্দ্ৰাণী মুখাজীৰ জীৱনকলৈও ব্যাপক চৰ্চা হয়। এইবাৰ তেওঁ পুনৰ লাইমলাইটলৈ আহিল, কিন্তু বেলেগ কাৰণত। জানিব পৰা মতে, তেওঁ খুছৱন্ত সিং সাহিত্য মহোৎসৱত অনুষ্ঠান পৰিৱেশন কৰিছিল। আৰু তেওঁৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনৰ মাজত প্ৰতিক্ৰিয়া দেখা গ’ল।

এই অনুষ্ঠানত শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সুযোগ দিয়া খুছৱন্ত সিং সাহিত্য মহোৎসৱৰ আয়োজকসকলে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। উল্লেখ্য যে যোৱা বছৰ এই উৎসৱৰ অন্যতম পেনেলিষ্ট আছিল তেওঁ।

ইন্দ্ৰাণী মুখাৰ্জীৰ নৃত্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমালোচকসকলে কৈছে যে এইবোৰ তেওঁৰ পি আৰ ষ্টাণ্ট, বিশেষকৈ জেলৰ পৰা ওলাই অহাৰ পিছত লাইমলাইটত থকাৰ বাবে। এক্সত (পূৰ্বৰ টুইটাৰ) এজন ব্যক্তিয়ে লিখিছে, ‘খুছৱন্ত সিঙৰ নামত আয়োজিত সাহিত্য উৎসৱত ইন্দ্ৰাণী মুখাৰ্জীক নৃত্য কৰা দেখি পেটৰ বিষ উঠিছে। কি যে দিন পৰিল!’

লগতে পঢ়কঃ ১ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠিব; পুনৰ কূটাঘাতৰ ভাবুকি খালিস্তানী উগ্ৰপন্থীৰ!

তেওঁৰ এই পোষ্টটোত বহুতে ব্যক্তিজনৰ কথাক সমৰ্থন কৰিছে। কোনো কোনোৱে আকৌ প্ৰশ্ন উত্থাপন কৰিছে যে কিয় এনে অভিযুক্তক ইমান হাই প্ৰফাইল উৎসৱত মাতি অনা হৈছে।

আন এজন ব্যক্তিয়ে লিখিছে, ‘খুছৱন্ত সিং যি আছিল সততাৰ প্ৰতিমূৰ্তি, তেওঁৰ নামেৰে নামাকৰণ কৰা সাহিত্য মহোৎসৱত ইন্দ্ৰাণী মুখাৰ্জীৰ দৰে কোনোবাই নৃত্য কৰা দেখি মন ভাঙি পৰিছে। ন্যায় বিচাৰ আৰু দায়বদ্ধতাৰ বিষয়টোৱে হয়তো ভুল বাৰ্তা প্ৰেৰণ কৰিছে।’

আন এজনে লিখিছে, ‘ভাৰতত ধন-সম্পত্তি আৰু ধনীৰ সদায় পূজা হৈ আহিছে। ইয়াত কোনো দোষ নাই। যিহেতু তেওঁ ডাঙৰ মানুহ, গতিকে হত্যা কৰিও সাৰি যাবব।’

উল্লেখ্য যে শ্বীনা বৰা হত্যাকাণ্ড সংঘটিত হৈছিল ২০১২ চনত। তেতিয়া ইন্দ্ৰাণী মুখাৰ্জীৰ একাধিক সম্পৰ্ক আৰু জটিল জীৱনৰ বিভিন্ন তথ্য পোহৰলৈ আহিছিল।