NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ খাৰঘুলিৰ সৰবৰহী মহিলা অনু চৌধুৰীৰ ৯৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2024 3:18 pm

গুৱাহাটীৰ খাৰঘুলি নিবাসী বয়োজ্যেষ্ঠ সৰবৰহী মহিলা অনু চৌধুৰীৰ ২০ অক্টোবৰৰ পুৱতি নিশা ৩ বাজি ২ মিনিটত বাৰ্দ্ধক্যজনিক কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। তেওঁ আছিল প্ৰয়াত অৱনী মোহন চৌধুৰীৰ সহধৰ্মিনী।

অফুৰন্ত কৰ্মশক্তিৰে এক সুপৰিশীলিত জীৱন যাপন কৰি অহা ৯০ উৰ্দ্ধৰ মহিলাগৰাকী জীৱনৰ শেষ মুহূৰ্তলৈকে সক্ৰিয় হৈ আছিল।

১৯ অক্টোবৰৰ নিশা শুই পৰাৰ পিছত ১ বজাত হঠাতে ঠাণ্ডা অনুভৱ কৰিছিল। তেতিয়া তেওঁৰ পুত্ৰ অৰিজিৎ চৌধুৰী আৰু পৰিয়ালৰ লোকে তেওঁৰ যত্ন ল’বলৈ যৎপৰোনাস্তি চেষ্টা কৰে যদিও তেওঁ ক্ৰমাৎ অধিক অসুস্থ হৈ পৰে আৰু ঔষধ ল’বলৈও অস্বীকাৰ কৰে। এনেদৰেই তেওঁ লাহে লাহে পৰিয়ালৰ লোকৰ সন্মুখতে মৃত্যুৰ কোলাত ঢলি পৰে।

এগৰাকী সাদৰী মহিলা অনু চৌধুৰীয়ে পৰিয়ালৰ সকলোকে অতি মৰম-আদৰেৰে বান্ধি ৰাখিছিল। তেওঁৰ পুত্ৰ এগৰাকী সুদক্ষ আৰ্কিটেক্ট অৰিজিৎ চৌধুৰীয়ে মাতৃৰ জীৱনৰ শেষ মুহূৰ্তৰ সময়খিনিৰ এক আৱেগিক ছবি ফেচবুকত শ্বেয়াৰ কৰিছে।

পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে এখন ভৰা সংসাৰৰ দায়িত্বৰ লগতে সকলোকে মৰমেৰে আঁকোৱালি লৈ সুদীৰ্ঘ জীৱন যাত্ৰাৰ সামৰণি মাৰি ইহলীলা সম্বৰণ কৰে।

দেওবাৰে মহানগৰীৰ নৱগগ্ৰহ শ্মশাণত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।  

তেওঁৰ মৃত্যুত পৰিয়ালৰ লগতে আত্মীয়-কুটুম, চুবুৰীয়া তথা গুণমুগ্ধসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি ৰোমন্থন কৰিছে।