NORTHEAST NOW (Assamese)
জীৱনশৈলী

ব্যক্তিৰ জীৱনক প্ৰভাৱান্বিত কৰিব পৰা গীতাৰ কেইটামান মহান বাণী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2023 6:59 am
Bhagavada Gita Quotes

আমাৰ সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে ভাগৱত গীতা। মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া উপদেশবোৰেই গীতাত উল্লেখ আছে। আহকচোন আজি জানি লওঁ কৃষ্ণই গীতাত কোৱা কেইটামান উপদেশৰ বিষয়ে –

১/ নকলতকৈ আচলত সদায় ভাল!

২/ আশাৰ অন্ত পৰিলে শান্তি আৰম্ভ হয়।

৩/ বেয়া কামৰ অন্ত বেয়াকৈ হয়।

৪) প্ৰেম, সহনশীলতা, আৰু নিস্বাৰ্থতাৰ অভ্যাস কৰিব লাগে।

৫/ পৃথিৱীৰ মংগলৰ আৰম্ভণি হয় আত্মত্যাগৰ পৰা।

৬/ ফলাফলমুখী নহয়, কাৰ্য্যমুখী হওক।

৭/ আপুনি প্ৰাপ্য পৰিৱৰ্তনক কেতিয়াও ভয় নকৰিব!

৮/ জীয়াই থকাৰ একমাত্ৰ সঠিক উপায় হ’ল বৰ্তমানৰ মাজত জীয়াই থকা।

৯/ সকলো বস্তুৱেই এটা ফলপ্ৰসূ শিক্ষা।