NORTHEAST NOW (Assamese)
অসম

মেৰীকমক প্ৰত্যাহবান জনোৱা নিখাত জেৰিনৰ পত্ৰৰ উত্তৰ ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 18, 2019 5:45 pm
kiren Rijiju

প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাত জেৰিনে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমৰ বিপক্ষে বক্সিং ৰিঙত নমাৰ দাবীৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুলৈ লিখা পত্ৰৰ শুকুৰবাৰে উত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

জেৰিনে বৃহস্পতিবাৰে টুইটাৰত ২০২০ টকিঅ’ অলিম্পিকলৈ ভাৰতীয় দল ঘোষণা কৰাৰ পূৰ্বে মেৰীকমৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নমাৰ দাবীৰে ৰিজিজুলৈ টুইটাৰত পত্ৰ লিখি জনাইছিল।

জেৰিনৰ দাবীৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ক্ৰীড়া মন্ত্ৰ্যালয়ৰ জাতীয় ফেডাৰেশ্যনৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই বুলি উল্লেখ কৰে।

তদুপৰি, বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ ওচৰলৈ তেওঁ নিখাত জেৰিনৰ বিষয়টো দৃষ্টিগোচৰৰ বাবে পঠাব বুলি কয়।

এটা টুইটাৰত ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে কয় ‘‘দেশৰ, ক্ৰীড়াৰ আৰু খেলুৱৈ সকলৰ বাবে সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মই নিশ্চিতভাৱে বিষয়টো বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ ওচৰত দৃষ্টিগোচৰ কৰিম। অলিম্পিকৰ নিয়ম অনুসৰি ক্ৰীড়া ফেডাৰেশ্যনৰ খেলুৱৈ বাচনিত কোনোধৰণৰ মন্ত্ৰীৰ হস্তক্ষেপ নাথাকে।’’

আনহাতে, মণিপুৰৰ তাৰকা বক্সাৰ মেৰীকমে এইক্ষেত্ৰত তেওঁ বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সিদ্ধান্তক সন্মান জনাই তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰে তাক মানি ল’ব বুলি মন্তব্য কৰে।